ৰাজধানী দিল্লীত প্লাজমা বেংক স্থাপন কৰিব চৰকাৰে
নিয়মীয়া বাৰ্তা, ৩০ জুনঃ ক’ভিড–১৯ৰ সংক্রমণ দ্রুত গতিত বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিততে ৰাজধানী নতুন দিল্লীত প্লাজমা বেংক স্থাপন কৰিব আপ চৰকাৰে৷ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে কালি এই কথা সংবাদ মেলযোগে ঘোষণা কৰিছে৷ ঘাতক ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজিবলৈ প্লাজমা বেংক স্থাপন কৰাৰ ঘোষণা কৰি মুখ্যমন্ত্রী কেজৰিৱালে কয় যে ক’ভিড–১৯ত আক্রান্ত হৈ সুস্থ হোৱা লোকসকলে আন ৰোগীক সহায় কৰাৰ বাবে প্লাজমা দান কৰিব পাৰে৷
দিল্লী চৰকাৰে এই প্লাজমা বেংকটো বসন্ত কুঞ্জৰ ইনষ্টিটিউট অৱ লিভাৰ এণ্ড বিলিয়াৰী ছায়েঞ্চত স্থাপন কৰিব৷ ক’ৰোনাত আক্রান্ত হৈ সুস্থ হোৱা ৰোগীয়ে আন ৰোগীক সহায় কৰাৰ বাবে প্লাজমা দান কৰিলে ভগৱানক প্রকৃত সেৱা কৰা হ’ব বুলিও কয় মুখ্যমন্ত্রীগৰাকীয়ে৷