এইবাৰ ভেৰাৰ জাকক কৰা হ’ল কোৱাৰেণ্টাইন
নিয়মীয়া বাৰ্তা, ৩০ জুনঃ ক’ভিড-১৯ৰ চৰিত্ৰ অপাৰ মহিমাৰে মণ্ডিত! ইয়াৰ পম খেদাটো অতি জটিল। কাৰণ ই সলনি কৰি থাকে জিনীয় বৈশিষ্ট্য। ক’ৰোনাৰ এনে চাৰিত্ৰিক বৈশিষ্ট্যক উপেক্ষা কৰাৰ সাহস নহ’ল কৰ্ণাটকৰ স্বাস্থ্য বিভাগৰো, যাৰ বাবে ৫০টা ভেৰাক কৰা হ’ল কোৱাৰেণ্টাইন।
ঘটনাটো কৰ্ণাটকৰ গোদকেৰে গাঁৱৰ গোলাৰাহাটী হেমলেট নামৰ ঠাইৰ। গাঁওখনৰ এগৰাকী ভেৰাপালকৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱাত স্থানীয় স্বাস্থ্য বিভাগে বিষয়টো ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰে। স্থানীয় বিজেপিৰ নেতা জে চি মধুস্বামীয়ে চিক্কানায়াকানাহালি চহৰৰ বিষয়াৰ দল উক্ত গাঁৱলৈ পঠিয়াই দিয়ে ভেৰাৰ মুখগহ্বৰৰ পৰীক্ষাৰ বাবে।
বিষয়া-চিকিৎসকৰ দলে ভেৰাপালকজনে ৰখীয়া ৰূপে লালন-পালন কৰা আটাইকেইটা ভেৰাৰে নমুনা সংগ্ৰহ কৰে আৰু ইতিমধ্যে এই নমুনা পৰীক্ষাগাৰলৈ পঠিয়াই দিয়া হৈছে। ফলাফল আহিবলৈ এতিয়াও বাকী। গতিকে স্বাভাৱিকতে ভেৰাৰ জাকক কিছুদূৰৰ এঠাইত কৰা হৈছে কোৱাৰেণ্টাইন।
ডেক্কান হেৰল্ডৰ সাংবাদিকৰ আগত বিজেপি নেতা জে চি মধুস্বামীয়ে কয় যে ভেৰা ক’ভিডৰ বাহক নহয়, কিন্তু ভাইৰাছটোৰ জিনীয় গতিবিধি সন্দেহজনক। গতিকে এটা পৰীক্ষা কৰাটো সমীচীন বুলি ভাবিয়েই এনে ব্যৱস্থা লোৱা হৈছে।