কোন দিশে সুশান্ত ৰাজপুতৰ মৃত্যুৰ তদন্ত?
নিয়মীয়া বাৰ্তা, ৩০ জুনঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত নিষ্ঠাসহকাৰে আগবঢ়াই নিছে মুম্বাই আৰক্ষীয়ে। এই তদন্তক আৰু এটা গতি দিয়াৰ স্বাৰ্থতে মুম্বাই আৰক্ষীয়ে টুইটাৰৰ কাৰ্যালয়লৈ লিখিছে চিঠি।
টুইটাৰৰ কাৰ্যালয়ৰ পৰা সুশান্ত সিঙে ব্যৱহাৰ কৰা @ItsSSR নামৰ একাউণ্টৰে সংলগ্ন সম্পূৰ্ণ তথ্য বিচৰা হৈছে। আৰক্ষীৰ সন্দেহ হৈছে যে অভিনেতাজনৰ একাউণ্টাৰ পৰা কিবা স্পৰ্শকাতৰ টুইট ডিলিট কৰা হ’ব পাৰে। উল্লেখ্য যে সুশান্ত সিঙে প্ৰথম অৱস্থাত বাথৰ’ব বেল্টেৰে ফাঁচ লগাইছিল যদিও সেয়া ছিঙি যোৱাত সেউজীয়া কুৰ্তাৰে ফাঁচ লগাইছিল।
আৰক্ষীয়ে বান্দ্ৰাৰ উক্ত কোঠাত উপস্থিত হওঁতে কোঠাত কিছু লোক উপস্থিত আছিল আৰু তেওঁলোকে কুৰ্টা কাটি সুশান্তক ইতিমধ্যে নমাইছিল। গতিকে এই ক্ষেত্ৰতো আৰক্ষীয়ে সেউজীয়া উক্ত কুৰ্টাটোৰ ওজন বহন ক্ষমতা (Ductility) পৰীক্ষাৰ বাবে পৰীক্ষাগাৰত পঠাইছে। ইয়াৰ জৰিয়তে প্ৰমাণ কৰা হ’ব সুশান্তৰ দেহৰ ওজন বহন কৰাৰ ক্ষমতা কুৰ্তাটোৰ আছিল নে নাই।
উল্লেখ্য, সুশান্তৰ তদন্ত অতি সচেতনতাৰে চলাই আছে আৰক্ষীয়ে। ২৭গৰাকী লোকক সোধা-পোছা কৰাৰ অন্তত আজি ‘দিল বেচাৰা’ ছবিৰ সহঃ অভিনেত্ৰী সঞ্জনা সংঘীৰ জবানবন্দী ৰেকৰ্ড কৰা হয় বান্দ্ৰা থানাত।