নিয়মীয়া বাৰ্তা, ১ জুলাইঃ জম্মু কাশ্মীৰৰ বাৰামুল্লা জিলাৰ ছোপোৰত আজি পুৱা ঘটি যোৱা এটা ঘটনাই বিহ্বল কৰি তুলিছে সকলো মানৱদৰদীৰে অন্তৰ। চি আৰ পি এফৰ দল এটাৰ ওপৰত কাশ্মীৰী উগ্ৰপন্থীয়ে চলোৱা আক্ৰমণত দুগৰাকী জোৱানৰ লগতে নিহত হৈছিল আন দুগৰাকী সাধাৰণ নাগৰিক। নাগৰিক দুজনৰ এজনৰ লগত আছিল এটি কণমানি শিশু। অবিৰাম গুলীচালনাৰ মাজতে শিশুটি অবাক-আশ্চৰ্যান্বিত হৈ বহি ৰৈছিল গুলীবিদ্ধ নিথৰ দেহটোৰ ওপৰত। সাংবাদিকে তোলা এই আলোকচিত্ৰ ইমানেই হূদয় বিদাৰক যে তাক ভাষাৰে বৰ্ণনা কৰিব পৰা নাযায়। উৎকণ্ঠা-উত্তেজনাৰে ভৰা মুহূৰ্তৰ মাজতো বি এছ এফৰ এগৰাকী জোৱানে শিশুটিক নিৰাপদ ঠাইলৈ আঁতৰাই নিয়ে।
