নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন উলংঘাকাৰীৰ বিৰোধে কঠোৰ আৰক্ষী প্ৰশাসনঃ মহানগৰীত মুকলি কৰিলে হুৱাটছ এপ নম্বৰ

নিয়মীয়া বাৰ্তা ২ জুলাইঃ ক’ৰোনাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে গুৱাহাটীত সম্প্ৰতি বাহাল হৈ আছে লকডাউন। পূৰ্বৰ লকডাউনতকে এই লকডাউন কঠোৰ। এই লকডাউনত কোনো ধৰণৰ শিথিলতা প্ৰদান নকৰাৰ উপৰিও কোনো ধৰণৰ পাছৰ প্ৰৱৰ্তন কৰা নাই। মহানগৰ আৰক্ষীয়ে লকডাউন ভংগ কাৰী সকলক ৰোধ কৰিবৰ বাবে হুৱাটছ এপ নম্বৰ মুকলি কৰিছে। মহানগৰীত কোনো লোকে যদি লকডাউন ভংগ কৰে তেতিয়া সেই নম্বৰ কেইটাত অভিযোগ দিব পাৰিব।
নম্বৰ সমূহ হৈছে 6026900970,6026900971,6026900972,6026900973

মহানাগৰিকে টুইটও কৰিব পাৰে @assampolice @GuwahatiPol and @GhtyTrafficPol।

মুঠৰ ওপৰত এইবাৰ কঠোৰ হৈছে আৰক্ষী বিভাগ।

You might also like