সামাজিক সংক্ৰমণৰ ১০-১২ টা ঘটনা পালেই সেই অঞ্চলত দিয়া হ’ব লকডাউন
নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ “সামাজিক সংক্ৰমণৰ ১০-১২ টা ঘটনা পালেই সেই অঞ্চলত দিয়া হ’ব লকডাউন । ইতিমধ্যে সকলো জিলাৰ জিলা উপায়ুক্তসকলক দিয়া হৈছে নিৰ্দেশনা ।”– শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
ইপিনে এই ঘোষণা কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৩০ আগষ্টৰ ভিতৰত ৰাজ্যই ক’ৰোনাৰ ভেকচিন লাভ কৰিব । তেতিয়ালৈকে আগন্তুক ২ টা মাহ আমি যেনে তেনে চলিব লাগিব বুলিও মন্তব্য কৰে ড০ শৰ্মাই ।
উল্লেখ্য যে বৃহস্পতিবাৰে গোগামুখত ৭ দিনৰ বাবে লকডাউনৰ ঘোষণা কৰা হৈছিল ।