চীনা কোম্পানী বাইটডেঞ্চৰ লোকচান ৪৫ হাজাৰ কোটি
নিয়মীয়া বাৰ্তা ৪ জুলাইঃ ভাৰতে জনপ্রিয় টিকটককে ধৰি ৫৯টা চীনা এপ নিষিদ্ধ কৰাত চীনৰ কোম্পানীসমূহ বৃহৎ লোকচানৰ সন্মুখীন হৈছে৷ টিকটক কোম্পানী বাইটডেঞ্চেই অকলে ইয়াৰ বাবে ৪৫ হাজাৰ কোটি লোকচানৰ সন্মুখীন হৈছে৷ চীনৰ চৰকাৰী প্রচাৰ মাধ্যম গ্ল’বেল টাইমছত প্রকাশিত বাতৰি মতে, ভাৰত চৰকাৰে টিকটক, হেল্ল’কে ধৰি চীনা এপসমূহ নিষিদ্ধ কৰাত বাইটডেঞ্চ কোম্পানীটোৱে ৬ বিলিয়ন মার্কিন ডলাৰ (৪৫ হাজাৰ কোটি টকা) লোকচানৰ সন্মুখন হ’ব৷ উল্লেখ্য যে টিকটক ভাৰতত অধিকাংশ লোকেই ডাউনলোড কৰা এপ আছিল৷ বিগত কেইটামান বছৰত বাইকডেঞ্চে ভাৰতীয় বজাৰত এক বিলিয়ন মার্কিন ডলাৰ বিনিয়োগ কৰিছিল৷ কিন্তু ভাৰত চৰকাৰে এই এপটো নিষিদ্ধ কৰাৰ লগে লগে সেই বিনিয়োগৰ ধন লোকচান হোৱাৰ উপৰি গ্রাহকৰ পৰা উপার্জিত কেইবাহাজাৰ কোটি টকা লোকচানৰ সন্মুখীন হ’ব৷ উল্লেখ্য যে লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ হাতত ২০জন ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পিছতেই ভাৰত চৰকাৰে দেশখনৰ বিৰুদ্ধে ছার্জিকেল ষ্ট্রাইক চলায়৷ চীনৰ এপ ব্যৱহাৰ কৰিলে দেশৰ নাগৰিকৰ গোপনীয়তা আৰু ডাটা হৰলুকী হোৱাৰ সম্ভাৱনাৰ প্রতি গুৰুত্ব দিয়েই কেন্দ্রীয় তথ্য–প্রযুক্তি মন্ত্রালয়ে চীনৰ এপকেইটা নিষিদ্ধ কৰিছিল৷ ভাৰতৰ এই সিদ্ধান্তক লৈ চীনে উদ্বিগ্ণতা প্রকাশ কৰি নতুন দিল্লীক শীঘ্রেই সিদ্ধান্তটো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছিল বেইজিঙে৷