গুৱাহাটীত পুনৰ ৫৫২গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰোনা ভাইৰাছ
নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত মহামাৰী ৰূপ লোৱা ক’ৰোনা আক্রান্তৰ সংখ্যা প্রতিদিনে ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ লৈছে৷ কালি এই সংখ্যা ১১,৭৩৬লৈ বৃদ্ধি পায়৷ অৱশ্যে আক্রান্তৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে চিকিৎসালয়ৰ পৰা ক’ৰোনামুক্ত হৈ ঘৰলৈ উভতি গৈছে ৭,৪৩৩জন লোক৷ কালিৰ দিনটোত ৰাজ্যখনত নতুনকৈ ৭৩৫ গৰাকী লোকৰ দেহত ক’ৰোনাৰ সংক্রমণ ধৰা পৰে৷ ইয়াৰে ৫৫২জনেই হৈছে গুৱাহাটী মহানগৰীৰ৷
ইফালে, কালি ৬৯০জন ক’ৰোনা ৰোগীক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য প্রকাশ কৰে৷ আনহাতে, এতিয়াও চিকিৎসাধীন হৈ আছে ৪,২৮৬জন ক’ৰোনা আক্রান্ত লোক৷ ইফালে, ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটীস্থিত মুখ্য কার্যালয়ৰ ১৩গৰাকী বিষয়া–কর্মচাৰীও ক’ৰোনাত আক্রান্ত হৈছে৷