নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ দুটাকৈ মহামাৰীত আক্রান্ত হোৱা ১০৬ বছৰীয়া লোক এজন দিল্লীত সুস্থ হৈ উঠিছে৷ ১৯১৮ত পৃথিৱীজুৰি সংহাৰ সৃষ্টি কৰা স্পেনিছ ফ্লুত আক্রান্ত হৈছিল এই লোকজন৷ তেতিয়া তেওঁৰ বয়স আছিল ৪ বছৰ৷
শেহতীয়াকৈ ক’ভিড–১৯তো আক্রান্ত হৈছিল এই লোকজন৷ বর্তমান লোকজনৰ বয়স ১০৬ বছৰ৷ দেশৰ ৰাজধানী নতুন দিল্লীৰ এখন হাস্পতালত সুস্থ হৈ উঠিছে এই লোকজন৷ শতবর্ষ অতিক্রম কৰা লোকজনে তেওঁৰ ৭০ বছৰীয়া পুত্রতকৈ অধিক ক্ষিপ্রতাৰে ক’ৰোনাক জয় কৰিবলৈ সক্ষম হৈছে৷ ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ (আৰ জি এছ এছ এইচ) জ্যেষ্ঠ চিকিৎসকসকলে সংবাদ মাধ্যমক জনোৱা অনুসৰি এই লোকজনৰ পত্নী, পুত্র আৰু পৰিয়ালৰ অন্যান্য কেইবাগৰাকীও সদস্য ক’ভিড–১৯ মহামাৰীত আক্রান্ত হৈছিল৷ কিন্তু হাস্পতালৰ চিকিৎসকসকলক আচৰিত কৰি অতি দ্রুততাৰে সুস্থ হৈ উঠিছে এই লোকজন৷
স্মর্তব্য যে দুটাকৈ মহামাৰীত আক্রান্ত হৈ আৰোগ্য লাভ কৰা দিল্লীৰ এই লোকজনক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ দেশৰ ৰাজধানী মহানগৰখনত শতবর্ষ অতিক্রম কৰা লোক ক’ভিড–১৯ৰ পৰা আৰোগ্য হোৱাৰ এইটোৱেই প্রথম ঘটনা৷ ১৯১৮ চনত স্পেনিছ ফ্লুত আক্রান্ত হৈছিল বিশ্ব জনসংখ্যাৰ এক তৃতীয়াংশ লোক৷ ১০২ বছৰ পূর্বৰ এই মহামাৰীৰ কাৰণ আছিল এইচ১এন১ ভাইৰাছ৷ আমেৰিকাৰ ৰোগ নিয়ন্ত্রণ কেন্দ্রই প্রকাশ কৰা অনুসৰি এই ভাইৰাছবিধৰ ক’ত প্রথম উৎপত্তি ঘটিছিল তাৰ কোনো তথ্য নাই যদিও ১৯১৮ আৰু ১৯১৯ চনত ই বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰিছিল৷
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি স্পেনিছ ফ্লুত ৪ কোটি লোকৰ প্রাণহানি হৈছিল৷ শেহতীয়াকৈ দিল্লীত ক’ভিড–১৯ৰ পৰা সুস্থ হোৱা লোকজনৰ সবিশেষ তথ্য অৱশ্যে চিকিৎসকসকলে সদৰী কৰা নাই৷ চাৰি বছৰ বয়সতে স্পেনিছ ফ্লুত আক্রান্ত হৈ আৰোগ্য লাভ কৰা বর্তমান ১০৬ বছৰ বয়সত পুনৰ ক’ভিড–১৯ মহামাৰীত আক্রান্ত হোৱা এই লোকজনৰ সুস্থতাই দিল্লীৰ হাস্পতালখনত সৃষ্টি কৰিছে উৎসৱমুখৰ পৰিৱেশ৷