নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ক’ভিড–১৯ আক্রান্তৰ সংখ্যাই অতিক্রম কৰিলে ৭,৪০,০০০

নিয়মীয়া বাৰ্তা, ৮ জুলাই: বিশ্বৰ বিভিন্ন দেশৰ লগতে ক’ভিড–১৯ মহামাৰীৰ দ্রুত সংক্রমণ অব্যাহত আছে ভাৰতত৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ ভাৰতত ক’ভিড–১৯ মহামাৰীত আক্রান্ত হৈছে ৭,৪০,১৩১গৰাকী লোক৷ ইফালে দেশখনত মৃত্যু হৈছে ২০,৬৩৬গৰাকী লোকৰ৷ বিশ্বজুৰি মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা সংক্রমিক লোকৰ সংখ্যা বৃদ্ধি পাইছে ১,১৮,৩৬,৬৯০লৈ৷

সমগ্র বিশ্বত এই ভাইৰাছবিধত সংক্রমিত হৈ প্রাণ হেৰুওৱা লোকৰ সংখ্যাই অতিক্রম কৰিছে ৫,৪৩,৪০০৷ ইফালে বিশ্বৰ ভিতৰতে সর্বাধিক লোক আক্রান্ত হোৱা দেশ আমেৰিকাত সংক্রমিত লোকৰ সংখ্যাই অতিক্রম কৰিছে ৩০,৫৭,০০০৷ দেশখনত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ১,৩৩,৩২৫লৈ৷ এই তালিকাত চতুর্থ স্থানত থকা দেশ ৰাছিয়াত আক্রান্তৰ সংখ্যা হৈছে ৬,৯৪,২৩০৷ দেশখনত ক’ভিড–১৯ত মৃত্যুক আঁকোৱালি লৈছে ১০,৪৯৪গৰাকীয়ে৷ বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড–১৯ৰ সংক্রমণৰ দ্বিতীয়টো জোৱাৰ ইতিমধ্যে আমেৰিকা তথা লেটিন আমেৰিকাৰ বিভিন্ন দেশত আৰম্ভ হোৱা বুলি ঘোষণা কৰিছে৷

You might also like