নিয়মীয়া বাৰ্তা, ৮ জুলাই: ক’ভিড–১৯এ সৃষ্টি কৰা জটিল পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি চি বি এছ ই পাঠ্যক্রমৰ নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ পাঠ্যক্রম সংকুচিত কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় চৰকাৰে৷
কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রী ড০ ৰমেশ পোখৰিয়ালে আজি এই কথা ঘোষণা কৰি জানিবলৈ দিয়া মতে, নৱমৰ পৰা দ্বাদশ শ্রেণীলৈকে ২০২০–২১ বর্ষৰ পাঠ্যক্রম ৩০ শতাংশ সংকুচিত কৰা হ’ব৷ ক’ভিড–১৯ৰ ফলত ছাত্র–ছাত্রীৰ পাঠদান কার্যসূচীত যথেষ্ট ব্যাঘাত জন্মাৰ পৰিপ্রেক্ষিতত ইয়াৰ জৰিয়তে ছাত্র–ছাত্রীসকলৰ ওপৰত আহিব পৰা অতিৰিক্ত বোজা হ্রাস কৰিবলৈ চেষ্টা কৰা হৈছে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছ মহামাৰীৰ পৰিপ্রেক্ষিতত সমগ্র দেশতে এতিয়াও বন্ধ হৈ আছে বিদ্যালয়সমূহ৷ অহা আগষ্ট মাহৰ পৰা একাদশ আৰু দ্বাদশ শ্রেণীৰ পাঠ্যক্রম আৰম্ভ কৰাৰ চিন্তা–চর্চা কৰা হৈছে যদিও পৰিস্থিতি জটিল হৈ থাকিলে এই সিদ্ধান্তৰ ক্ষেত্রতো কেন্দ্রীয় চৰকাৰে নতুনকৈ চিন্তা কৰাৰ সম্ভাৱনা আছে৷ এনে অৱস্থাত চলিত বর্ষত চি বি এছ ইৰ পাঠ্যক্রম আগুৱাই নিয়াৰ ক্ষেত্রত যথেষ্ট বাধাৰ সৃষ্টি হৈছে৷
ইতিমধ্যে চি বি এছ ইৰ পাঠ্যক্রমৰ কেইবাটাও শ্রেণীৰ ছাত্র–ছাত্রীসকলক বিনা পৰীক্ষাই উত্তীর্ণ কৰি দিয়া হৈছে৷ এনে দিশৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ে অহা বর্ষত ৩০ শাতংশ পাঠ্যক্রম হ্রাস কৰাৰ বাবে আজি সিদ্ধান্ত গ্রহণ কৰে৷ এই সন্দর্ভত চি বি এছ ইয়ে প্রকাশ কৰা তথ্য অনুসৰি ২০২০–২১ বর্ষৰ বাবে এই সিদ্ধান্ত কার্যকৰী কৰা হ’ব৷ পাঠ্যক্রমৰ পৰা কি কি বিষয় বাদ দিয়া হ’ব, সেই সম্পর্কে অচিৰেই এন চি ই আৰ টিয়ে বিকল্প দিনপঞ্জী প্রস্তুত কৰিব৷ অৱশ্যে পাঠ্যক্রমত মূল পাঠ্যসূচী অক্ষুণ্ণ ৰখা হ’ব৷ ছাত্র–ছাত্রীসকলক এই বিষয়ে স্কুল কর্তৃপক্ষই আগতীয়াকৈ অৱগত কৰিব লাগিব৷ পাঠ্যসূচী সংকুচিত কৰাৰ এই প্রক্রিয়াত আভ্যন্তৰীণ মূল্যায়ণ অন্তর্ভুক্ত কৰা নহ’ব৷
উল্লেখ্য যে পাঠ্যক্রম সংকুচিত কৰাৰ সিদ্ধান্ত গ্রহণৰ পূর্বে মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ে দেশৰ ভিন্ন প্রান্তৰ পৰা প্রায় ১৫,০০০জন শিক্ষাবিদ–চিন্তাবিদ, অনুষ্ঠানৰ পৰা পৰামর্শ গ্রহণ কৰিছে৷ উক্ত পৰামর্শ অনুসৰিয়েই কেন্দ্রীয় চৰকাৰে আজি এই সিদ্ধান্ত গ্রহণ কৰে৷ আজি ঘোষণা কৰা এই নির্দেশৰ পাছতেই চি বি এছ ইৰ অন্তর্গত প্রতিখন স্কুল কর্তৃপক্ষক বিকল্প দিনপঞ্জী গ্রহণৰ বাবে নির্দেশ দিয়া হৈছে৷ মন কৰিবলগীয়া যে ক’ভিড–১৯এ সৃষ্টি কৰা পৰিৱেশৰ ক্ষেত্রত দিল্লীত উপ–মুখ্যমন্ত্রী মনীষ চিচোডিয়াই বিকল্প পাঠ্যক্রম অথবা মূল পাঠ্যক্রম সংকুচিত কৰি পাঠ্যসূচী প্রস্তুত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰৰ ওচৰত এক পৰামর্শ দাঙি ধৰিছে৷