নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত পুনৰ ৬৯৬ জন লোক ক’ৰোনাত আক্ৰান্ত; আক্ৰান্তৰ সংখ্যা ১৪,০৩২ গৰাকীলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা,৮ জুলাই: ৰাজ্যত পুনৰ ৬৯৬ জন লোক ক’ৰোনাত আক্ৰান্ত বুলি পৰীক্ষাত ধৰা পৰিছে । ইয়াৰে ৪২৩ গৰাকী লোক গুৱাহাটী মহানগৰীৰ বুলি চিনাক্ত হৈছে ।

যাৰ পাছতে ক’ৰোনাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা ১৪,০৩২ গৰাকীলৈ বৃদ্ধি পাইছে । লগতে বৰ্তমান সুস্থ হৈ উঠিছে ৮৭২৬ গৰাকী লোক ।

আনহাতে বৰ্তমানো ৰাজ্যত ৫২৮১ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷ ইফালে বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা ২২ জনলৈ বৃদ্ধি পাইছে ।

You might also like