নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘পিপিই কিট নিপিন্ধাকৈ আছু কর্মীয়ে চিকিৎসালয়ত ক’ৰোনা আক্রান্তক সেৱা কৰক’

নিয়মীয়া বাৰ্তা, ৯ জুলাই: সমগ্র ৰাজ্যতে ক’ভিড–১৯এ পৰিৱেশ জটিল কৰি তোলাৰ লগতে দ্রুতগতিত আক্রান্তৰ সংখ্যা বৃদ্ধি পাব লাগিছে৷ আনকি ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে৷ এনে ভয়ংকৰ পৰিস্থিতিৰ পাছতো ক’ৰোনাক এখন নাটক আখ্যা দিলে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে৷ ছাত্র সংগঠনটোৰ নেতাজনৰ মতে ক’ৰোনাক লৈ অসমত এখন নাটক চলিছে৷ এই নাটক বন্ধ কৰা উচিত৷ আছুৰ সভাপতিৰ এনে মন্তব্যৰ পাছতো কার্যতঃ তীব্র অসন্তুষ্টি প্রকাশ কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আছুৰ নেতাজনৰ এনে বক্তব্যৰ প্রত্যাহ্বান জনাই স্বাস্থ্যমন্ত্রীৰ ঘোষণা– আছুৰ সদস্যসকলে পি পি ই কিট নিপিন্ধাকৈ ক’ৰোনা আক্রান্ত ৰোগীসকলক সেৱাৰ বাবে ওলাই আহক৷ চিকিৎসালয়ৰ ভিতৰত আহি ক’ৰোনা আক্রান্তক সেৱা কৰিলে তেতিয়া সকলোৱে বুজিব এইখন নাটক নে কি? ড০ শর্মাই কয়– সঁচাই হওক মিছাই হওক, চিকিৎসালয়ত অসমীয়া লোকসকল চিকিৎসাধীন হৈ আছে৷ গতিকে আছুৰ সভাপতি আৰু সম্পাদকে পি পি ই কিট নিপিন্ধাকৈ আহি শুশ্রূষাত নামি পৰক৷ পি পি ই কিট নিপিন্ধাকৈ ৰোগীৰ ওচৰত থিয় দিলে ই এক নতুন পৰম্পৰা আছুৱে সৃষ্টি কৰিব পাৰিব৷ কিয়নো অসমত এটা নিয়ম আছে আছুৱেই সঁচা, বাকী সকলো মিছা৷ আজি দক্ষিণ কামৰূপৰ বৰকুছিস্থিত পতঞ্জলি যোগপীঠ ক’ভিড চিকিৎসালয়ত উপস্থিত হৈ আছুৰ সভাপতিৰ বক্তব্যৰ ক্ষেত্রত এই প্রতিক্রিয়া প্রকাশ কৰে স্বাস্থ্যমন্ত্রীজনে৷

মন কৰিবলগীয়া যে ৰাজ্যত দ্রুতগতিত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তে আজি গোৱালপাৰাত আছুৰ সভাপতি দীপাংকৰ নাথে ক’ৰোনাক লৈ এইদৰে তির্যক মন্তব্য কৰাৰ লগতে ইয়াকো কয়– ক’ৰোনা আক্রান্ত লোকক চিকিৎসালয়ত এটা ক’ফ ছিৰাপ আৰু ৪টা পেৰাচিটামল টেবলেট দি ১৪ দিন চিকিৎসালয়ৰ বিছনাত ৰাখি বিদায় দিছে৷ এইবোৰ হ’ল চৰকাৰৰ নাটক৷ এয়া বন্ধ কৰা উচিত৷ নাটক আমি বহুত দেখিলোঁ, এতিয়া আৰু সহ্য কৰা নহ’ব৷ অসমৰ ৰাইজে এইবোৰৰ পৰা পৰিত্রাণ বিচাৰিছে৷ কিয়নো অসমৰ ৰাইজে ইতিমধ্যে চৰকাৰক যথেষ্ট সহায় কৰিছে৷ যোগাত্মকভাৱে ৰাইজে চৰকাৰৰ সিদ্ধান্তত সমর্থন দিছে৷

যাৰ বাবে লকডাউন সফল হৈছে৷ এইবোৰৰ মাজতে শাসক দলৰ একাংশই ঘৰে ঘৰে গৈ জনসংযোগ কার্যসূচী ৰূপায়ণ কৰিছে৷ এই জনসংযোগত থকা বহুজনে মাস্ক নিপিন্ধে, সামাজিক দূৰত্ব মানি নচলে৷ এখন গাড়ীত ৬–৭জনকৈ লোক উঠি যায়৷ এইবোৰ দেখি অসমৰ মানুহ এতিয়া অতিষ্ঠ হৈছে৷ পটিজিভ ৰোগীসকলক য’তে–ত’তে ৰাখিছে৷ এক ভয়ানক অৱস্থা৷ এইবোৰ দেখি–শুনি আমি উপলব্ধি কৰিছোঁ আৰু এইবোৰ যে নাটক, সেয়া প্রমাণ পাইছোঁ৷ চৰকাৰে নাটক বন্ধ কৰি মানুহক এমুঠি ভাত দিয়াৰ চেষ্টা কৰক৷ গুৱাহাটীৰ পৰা ২–৩ লাখ লোক বাহিৰলৈ গৈ ক’ৰোনা সংক্রমণ ঘটালে৷ এই বিষয়বোৰ নাটক নহয় নেকি? মন কৰিবলগীয়া যে ক’ৰোনাক লৈ শেহতীয়াকৈ বিভিন্ন বিতর্ক সৃষ্টি হৈছে৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে একাংশই এইদৰে তির্যক মন্তব্য কৰাক লৈ ৰাইজৰ মাজতো প্রতিক্রিয়া সৃষ্টি হৈছে৷ এইক্ষেত্রত স্বাস্থ্যমন্ত্রী ড০ শর্মাই স্পষ্টকৈ কয়– ক’ৰোনা প্রতিৰোধৰ বাবে তেওঁ এক গুৰুত্বপূর্ণ দায়িত্ব পালন কৰি আছে৷

এই সময়ছোৱাত তেওঁ ৰাজনীতি কৰিব বিচৰা নাই৷ আছুকে ধৰি সমালোচকসকলক উদ্দেশ্যি মন্ত্রী ড০ শর্মাই কয়– এতিয়া গ’লপ’ষ্ট মুকলি হৈ আছে৷ যিমান পাৰে গ’ল দিয়ক৷ সময়ত এই বিষয়বোৰত প্রত্যুত্তৰ দিয়া হ’ব৷ ইয়াৰ পূর্বে আজি স্বাস্থ্যমন্ত্রীগৰাকীয়্ পতঞ্জলি ক’ভিড চিকিৎসালয়ত চিকিৎসা বিষয়া তথা প্রশাসনীয় লোকসকলৰ লগত এক আলোচনাত মিলিত হয়৷ মন্ত্রীগৰাকীক এই সময়ছোৱাত সংগ দিয়ে কামৰূপ জিলা উপায়ুক্ত কৈলাস কার্তিক এণ্ড, পলাশবাৰী ৰাজহ চক্র বিষয়া ডিম্পী গগৈৰ লগতে স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াসকল৷

You might also like