নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ৰ মুখ্যমন্ত্রীৰে সোণোৱালৰ বার্তালাপ

নিয়মীয়া বাৰ্তা, ৯ জুলাই : মেঘালয়ৰ মাজেৰে বৰাক উপত্যকা আৰু উত্তৰ–পূবৰ অন্যান্য ৰাজ্যলৈ অত্যাৱশ্যকীয় সামগ্রী আৰু ঔষধৰ সৰবৰাহ সন্দর্ভত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে  মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড ছাংমাৰ সৈতে টেলিফোনযোগে সৱিশেষ আলোচনা কৰে৷ মুখ্যমন্ত্রীয়ে লগতে এই সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্রীৰ লগতে ঔষধ যাতে মেঘালয়ৰ মাজেৰে সুচলভাৱে বৰাক উপত্যকাকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ সৰবৰাহ হ’ব পাৰে তাৰ বাবে মেঘালয় চৰকাৰৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্রহণৰ বাবে অনুৰোধ জনায়৷

মুখ্যমন্ত্রীৰ অনুৰোধৰ প্রতি ইতিবাচক সঁহাৰি জনাই মেঘালয়ৰ মুখ্যমন্ত্রী ছাংমাই মুখ্যমন্ত্রী সোণোৱালক জনায় যে বৰাক উপত্যকা তথা উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ মেঘালয়ৰ মাজেৰে পৰিবহণ কৰিবলগীয়া বাহনসমূহৰ সুচল আহ–জাহৰ ক্ষেত্রত মেঘালয় চৰকাৰৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্রহণ কৰা হ’ব৷

You might also like