মহানগৰীত লক ডাউনৰ প্ৰভাৱ, হ্ৰাস পাইছে সামাজিক সংক্ৰমণৰ হাৰ
নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ ক’ৰোনা মহামাৰীৰ সামাজিক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মেট্ৰ’ প্ৰশাসনে ঘোষণা কৰা লক ডাউনৰ সুফল আনিছে মহানগৰীলৈ। দৈনিকভাৱে বৃদ্ধি পোৱা ক’ৰোনা সংক্ৰমণৰ হাৰ ক্ৰমান্বয়ে কম হৈ আহিছে।
ক’ৰোনাৰ হটস্পট হিচাপে পৰিচিত হোৱা ফটাশিল আমবাৰীত এদিনতে আক্ৰান্ত হৈছিল ৭০ৰ পৰা ৮০জনকৈ লোক কিন্তু বৰ্তমান এই হাৰ কমি ১২ শতাংশ হৈছে। এতিয়া আক্ৰান্ত হৈছে ২০ৰ পৰা ২৫জনকৈ লোক।
এই সন্দৰ্ভত চৰকাৰৰ সিদ্ধান্ত বহুতেই সমালোচনা কৰিলেও মহানগৰবাসীৰ বাবে এয়া কিমান গুৰুত্বপূৰ্ণ আছিল সেয়া সকলোৱে বুজি উঠিছে। স্বাস্থ্য বিভাগৰ বাবে এয়া নিশ্চয়কৈ এক ভাল খবৰ।