বহু বছৰ ধৰি ভাৰতীয় সংবাদ মাধ্যমত চীনে ‘সংযুক্ত মুক্তি বাহিনী, অসম’ৰ (আলোচনাবিৰোধী) সেনাধ্যক্ষক সমর্থন কৰে বুলি মাজে–সময়ে বাতৰি ওলাই আছে৷ ভাৰতবর্ষৰ উত্তৰ–পূব সীমান্ত অঞ্চলত আলফা এটা বিদ্রোহী বিচ্ছিন্নতাবাদী সংগঠন৷ চীনৰ দক্ষিণ–পশ্চিম অঞ্চলৰ ইউনান প্রদেশৰ ৰুইলি নামৰ ঠাইত অৱস্থান কৰি পৰেশ বৰুৱাই অভিযান চলাই আহিছে বুলিও অনুমান কৰা হৈছে৷ ভাৰতবর্ষৰ আইন বলৱৎ কৰা বিভাগবোৰে তেওঁক ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছে৷ বাংলাদেশেও তেওঁক বিচাৰি আছে৷ বাংলাদেশৰ আদালতে চিটাগঞ্জত বৃহৎসংখ্যক অস্ত্র–শস্ত্র ধৰা পৰা গোচৰটোত পৰেশ বৰুৱা, কিছুমান ৰাজনৈতিক আৰু চৰকাৰী বিষয়াক ইতিমধ্যে মৃত্যুদণ্ড দিছে৷ বিগত দুবছৰমানত বৰুৱা ইউনানত আছে বুলি একাধিক উৎসৰ পৰা খবৰ পোৱা গৈছে৷ আত্মসমর্পণ কৰা আলফাৰ সদস্য কিছুমানৰ বিবৃতি আৰু ভাৰতীয় চোৰাংচোৱা সংস্থাবোৰৰ পৰা পোৱা খবৰেও তেওঁ ইউনানত থকা খবৰটো সমর্থন কৰে৷ যোৱা বছৰ বৰুৱাইThe weeks নামৰ বার্তা আলোচনীখনত দিয়া এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ চীনৰ লগতবন্ধুত্বপূর্ণ সম্বন্ধ আছে৷
বৰুৱাই চীনৰ বিষয়ে কিবা কৈছিল বুলি অস্বীকাৰ কৰিলেও উক্ত আলোচনীখনে নিজৰ ৱেৱছাইটত(portel) বৰুৱাৰ লগত হোৱা কথা–বার্তাবোৰ ফাদিল কৰি দিছিল৷ মই নিজে ম্যানমাৰৰ ছাগাইন অঞ্চলত ২০১১ চনত যেতিয়া বৰুৱাৰ সাক্ষাৎ কৰাৰ বাবে অপেক্ষা কৰি আছিলোঁ, তেতিয়া আলফাৰ শিবিৰত শুনিবলৈ পাইছিলোঁ যে বৰুৱাই শ্বান ৰাজ্যখনৰ মাজেৰে ইউনানৰ পৰা এই দীঘলীয়া দূৰত্ব অতিক্রম কৰিবলৈ কমেও এসপ্তাহ লাগিব৷ আলফাৰ চীনৰ লগত সম্বন্ধৰ আৰম্ভণি হৈছিল ১৯৮০ চনৰ শেষৰ পিনে যেতিয়া আলফাৰ গোট এটা দ্বিতীয়বাৰৰ বাবে প্রশিক্ষণ ল’বলৈ আৰু অস্ত্র–শস্ত্র যোগাৰ কৰিবলৈ গৈছিল, চৰকাৰী বিষয়া আৰু অস্ত্র–শস্ত্রৰ ব্যৱসায়ীৰ লগত বৰুৱাই অলপ সময়ৰ বাবে ৰুলি নামৰ ঠাইত আলোচনা কৰিছিল৷ কিন্তু এই আলোচনা আগবঢ়াব পৰা নগ’ল৷ ১৯৬০ আৰু ১৯৭০ৰ দশকত চীনে ভাৰতবর্ষৰ উত্তৰ–পূর্বাঞ্চলৰ বিদ্রোহী সংগঠনবোৰক প্রকাশ্যে সমর্থন কৰিবলৈ আগ্রহী নাছিল৷ কিন্তু একে সময়তে চীনে মণিপুৰৰPeople’s Libration Army (PLA)ক ম্যানমাৰত কাচিনত স্বাধীনতাকামী সংগঠনৰ দ্বাৰা প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল আৰু এই গোপনীয় তথ্য সাংবাদিক বার্ৰটিল লিণ্টনাৰে নিজে কৰা গৱেষণাৰ সময়ত লাভ কৰিছিল৷ ১৯৮৯–৯০ চনৰ সময়ছোৱাত আলফায়ো কাচিনত একে সুবিধা লাভ কৰিছিল যদিও এইক্ষেত্রত চীনৰ কোনো ভূমিকা নাথাকিবও পাৰে৷
১৯৯৫ চনত বৰুৱাই চীনৰ অস্ত্র–শস্ত্র ভাণ্ডাৰৰ(QRDINANCE) অৱসৰপ্রাপ্ত বিষয়াৰNorth Industries Corporation (NORINCO)ৰ লগত যোগাযোগ স্থাপন কৰিছিল৷ সম্ভৱতঃ এইক্ষেত্রত বৰুৱাক সহায় কৰিছিল পাকিস্তানৰ চোৰাংচোৱা সংস্থাInter service Intelligence (ISI) সংগঠনটোৱে যাতে অস্ত্র–শস্ত্র যোগানৰ এটা ব্যৱস্থা নিশ্চিত কৰা সম্ভৱ হয়৷ এইদৰে লাভ কৰা অস্ত্র–শস্ত্রৰ ভাণ্ডাৰটো বাংলাদেশৰ কক্স বজাৰত হস্তান্তৰ কৰা হৈছিল আৰু এই অস্ত্র–শস্ত্রবোৰ ভাৰতবর্ষৰ উত্তৰ–পূর্বাঞ্চললৈ আৰু ভূটানত থকা শিবিৰবোৰলৈ প্রেৰণ কৰা হৈছিল৷ চীনদেশৰ পৰা অনা অস্ত্র–শস্ত্র সঘনে আলফা আৰু অঞ্চলটোৰ আন আন উগ্রপন্থী গোটবোৰক যোগান ধৰা হৈছিল৷ অকল এই উগ্রপন্থী সংগঠনবোৰক অস্ত্র–শস্ত্র যোগান ধৰাৰ লক্ষ্য নাছিল৷ লগতে তালিবান আৰু চৰকাৰৰ লগত সংঘর্ষত লিপ্ত হোৱা নেপালৰ সন্ত্রাসবাদীবিলাকেও চীনৰ পৰা অনা এই অস্ত্র–শস্ত্রবোৰ ক্রয় কৰিছিল৷ আত্মসমর্পণ কৰা ভাৰতৰ উত্তৰ–পূর্বাঞ্চলৰ সন্ত্রাসবাদীৰ লগত হোৱা সাক্ষাৎকাৰৰ পৰা ওলাই পৰে যে ইউনান প্রদেশৰ পৰা অস্ত্র–শস্ত্র আমদনি কৰা সম্ভৱ হৈছিল চীনৰPLAৰ অৱসৰপ্রাপ্ত সেনাসকলে নিয়োগ কৰা বিভিন্ন সৰবৰাহকাৰী আৰুNORINCOৰ জৰিয়তে৷
আলফাৰ বাবে পৰৱত্ উল্লেখযোগ্য ঘটনাটো ঘটিছিল ২০০৮ চনত যেতিয়া বৰুৱাই ম্যানমাৰত শিবিৰ পাতি থকা মণিপুৰৰUnited Wa State Army (UWSA)ৰ নেতাসকলৰ লগত যোগসূত্র স্থাপন কৰি সহযোগিতাৰ বাবে অনুৰোধ কৰিছিল৷UWSA মণিপুৰৰ আটাইতকৈ ডাঙৰ বিদ্রোহী সংগঠন আৰু এই সংগঠনটো চীনৰ শ্বান প্রদেশৰ সীমান্তৰ বিস্তৃত অঞ্চলত সক্রিয় আছিল৷ বৰুৱাই নিৰাপদ স্থানত শিবিৰ পাতিবলৈ কেইবাটাও বিকল্প ব্যৱস্থাৰ বিষয়ে বিবেচনা কৰিছিল৷ বিশেষকৈ ২০০৮ চনৰ ডিচেম্বৰ মাহত বাংলাদেশত হ’বলগীয়া সাধাৰণ নির্বাচনত ভাৰতৰ প্রতি বন্ধুত্বপূর্ণ আৱামী লীগে নির্বাচনত জয়ী হ’ব বুলি বৰুৱাই শুদ্ধ অনুমান কৰিছিল আৰু আৱামী লীগ চৰকাৰে যে বাংলাদেশত আশ্রয় লৈ থকা ভাৰতবর্ষৰ উত্তৰ–পূর্বাঞ্চলৰ বিচ্ছিন্নবাদী সংগঠনবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব, সেই বিষয়েওপূর্বানুমান কৰিছিল৷ বৰুৱাই অনুমান কৰা মতেই এই কঠোৰ ব্যৱস্থা গ্রহণ কৰা প্রক্রিয়া আৰম্ভ হোৱাৰ আগতেই চৰকাৰত থকা তেওঁৰ প্রতি সহানুভূতিসম্পন্ন চক্রটোৱে তেওঁক আগজাননী দিয়া বাবেই ২০০৯ চনৰ এপ্রিল মাহৰ দ্বিতীয় সপ্তাহত তেওঁ বাংলাদেশ নিৰাপদে ত্যাগ কৰা সম্ভৱ হৈছিল৷
আলফাত আন আন নেতাবোৰক বাংলাদেশে বিভিন্ন ঠাইৰ পৰা গ্রেপ্তাৰ কৰি ভাৰতবর্ষক হস্তান্তৰ কৰিছিল৷ বহুজনে শংকা কৰি থকাৰ দৰে চীনে ১৯৬২ চনৰ দৰে আকৌ ভাৰতবর্ষক আক্রমণ কৰিব বা উত্তৰ–পূর্বাঞ্চল দখল কৰাৰ সম্ভাৱনা নাই বুলি ক’ব পৰা যায়৷ পৰৰাজ্য আক্রমণ কৰি দখল কৰাৰ দিন অতীত হ’ল, ইয়াৰ পৰিৱর্তে ব্যৱসায়িক স্বার্থত বজাৰ দখল কৰাৰ অভিসন্ধিয়েহে তীব্র ৰূপ ধাৰণ কৰিছে আৰু সমগ্র পৃথিৱীৰ মহাসাগৰবোৰত এটা বৃহত্তৰ ভূমিকা পালন কৰিবলৈহে চেষ্টা কৰিছে৷ বহুতো পর্যবেক্ষকে বিশ্বাস কৰে যে চীনে ভাৰতবর্ষৰ বৃহৎ বজাৰখনত প্রৱেশ কৰিবলৈহে বেছি আগ্রহী আৰু লগতে কলকাতাৰ বন্দৰত এটা সুকীয়া শক্তিশালী স্থিতি অর্জন কৰিবলৈ তৎপৰ হৈছে৷ বৰুৱাক চীনত আশ্রয় দিয়া কথাটোৰ চীনৰ উদ্দেশ্য হ’ল ওচৰ–চুবুৰীয়া দেশবোৰৰ বিদ্রোহীসকলৰ লগত যোগাযোগ ৰক্ষা কৰা৷ এইটো চীনৰ বহুদিনীয়া কৌশল৷ এই নীতিৰ উৎকৃষ্ট উদাহৰণ হ’ল ম্যানমাৰৰ ১৯৮৯ চনতে লুপ্ত হোৱা কমিউনিষ্ট দলটো৷ এই দলটোৰ থাকিন বা থিন প্রমুখ্যে নেতাসকলক বসতি স্থাপন কৰিবলৈ দিয়াটোৱে তাকেই প্রমাণ কৰে৷ অৱশ্যে আলফাৰ সেনাধ্যক্ষজনৰ ক্ষেত্রত আন কাৰণৰ বাবেও চীনে তেওঁৰ লগত ঘনিষ্ঠ সম্বন্ধ ৰক্ষা কৰিছিল৷ বৰুৱাৰ লগতে ভাৰতৰ উত্তৰ–পূর্বাঞ্চলৰ আন কিছুমান বিদ্রোহীক চীনে নিজৰ চকু আৰু কাণৰ দৰে অঞ্চলটোৰ ক্ষেত্রত ব্যৱহাৰ কৰি আহিছে৷ আন কিছুমান ক্ষেত্রতো এওঁলোকক ব্যৱহাৰ কৰা অসম্ভৱ নহয়– বিশেষকৈ প্রয়োজন আৰু কূটাঘাতমূলক কার্য সম্পাদন কৰাৰ ক্ষেত্রত এই বিদ্রোহীসকল ম্যানমাৰৰ ছাগাইং অঞ্চলতো সক্রিয় বাবেও এওঁলোকৰ লগত চীনে যোগাযোগৰ ব্যৱস্থা সক্রিয় কৰি ৰাখিছে৷
ম্যানমাৰে চীনৰ বাবে বহু ক্ষেত্রত ভৌগোলিক ৰাজনীতিৰ লক্ষ্য পূৰণ কৰাত সহায় কৰিব পাৰে আৰু নিশ্চিতভাৱে চীনে ম্যানমাৰত ভাৰতবর্ষ আৰু যুক্তৰাষ্ট্রৰ প্রভাৱ বেছি গভীৰ হোৱাটো নিবিচাৰে৷ ভাৰতবর্ষই ম্যানমাৰত কৰা বিনিয়োগৰ ক্ষেত্রতো চীন খুব সুখী নহয় আৰু লগতে ভাৰতবর্ষৰAct East Policyয়ে ম্যানমাৰক লক্ষ্য কৰা কথাটোৱেও চীনক বেছি সজাগ কৰিছে৷ চীনৰ সামৰিক চোৰাংচোৱা বিভাগৰ দুজন বিষয়াই ২০১১ চনত আলফাৰ টাকা শিবিৰলৈ অহা কথাটোৱেও প্রমাণ কৰে যে চীনে ছাগাইং অঞ্চলৰ পৰিস্থিতিৰ ওপৰত তীব্র নজৰ ৰাখিছে৷ উক্ত শিবিৰত সেই সময়ত উপস্থিত থকা আলফাৰ সক্রিয় সদস্য এজনে এই ঘটনাক্রমৰ বিতং তথ্য এই লেখকক দিছিল– অৱশ্যে তেওঁ শিবিৰ ত্যাগ কৰাৰ পাছতহে মোক এই বিষয়ে জনাইছিল৷ অৱশ্যে এই খবৰটো ইৰাৱতী নামৰ বাতৰিকাকতখনতো ২০১৫ চনৰ ৩০ জুনত প্রতিবেদিত হৈছিল৷ ভাৰতবর্ষই তিব্বতীয়সকলক এখন দেশান্তৰিত বা বনবাসী চৰকাৰ ভাৰতত গঠন কৰিবলৈ দিয়াৰ দৰে ভাৰতবর্ষৰ বিচ্ছিন্নতাবাদী সংগঠনবোৰক এখন দেশান্তৰিত বা বনবাসী চৰকাৰ গঠন কৰাৰ সম্ভাৱনা চীনে পৰীক্ষা কৰা বুলিও বিশ্বাস কৰাৰ ঠাই আছে৷ অর্থাৎ ভাৰতে তিব্বতীয়সকলৰ ক্ষেত্রত গ্রহণ কৰা ব্যৱস্থাৰ বিৰুদ্ধে চুঙা চাই সোপা দিয়াৰ কথা চীনে ভাবিছে বুলি বিশ্বাস কৰিব পাৰি৷ আন কিছুমান সংগঠনৰ লগত আলোচনা কৰি বৰুৱাই বিষয়টো সম্বন্ধে আশাবাদী বুলি মতামতো প্রকাশ কৰিছিল৷ পিছে এই সন্দর্ভত বৰুৱাৰ নেতৃত্ব মানি ল’বলৈ মণিপুৰৰ কিছুমান সংগঠন ৰাজী নহ’ল বাবে এই প্রচেষ্টা সফল নহ’ল৷