অৰুণাচলত অসম ৰাইফলছৰ গুলীত নিহত ৬ এনএছচিএন(আই–এম)
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ অৰুণাচল প্রদেশৰ লংডিং জিলাৰ গিনু অঞ্চলত সংঘটিত এক ভয়াৱহ সংঘর্ষত নিহত হৈছে এন এছ চি এন (আই–এম)ৰ ছয়জনকৈ দুর্ধর্ষ কেডাৰ৷ অৰুণাচল আৰক্ষীৰ সহযোগত আছাম ৰাইফলছে শনিবাৰে পুৱতিনিশা চলোৱা অভিযানত নিহত হয় উগ্রবাদীকেইজন৷
প্রাপ্ত তথ্য অনুসৰি অঞ্চলটোৰ এক দুর্গম স্থানত উগ্রপন্থী সংগঠনটোৰ একাংশ সদস্যই আশ্রয় লৈ থকাৰ খবৰ লাভ কৰিছিল চোৰাংচোৱাই৷ ইয়াৰ ভিত্তিতে আৰক্ষীৰ সহযোগত আছাম ৰাইফলছৰ এটা দলে ঙিনো বস্তিত অভিযান চলায়৷ কিন্তু অভিযানকাৰী দলটোৰ উপস্থিতিৰ উমান পাই এন এছ চি এন (আই–এম)ৰ সদস্যকেইজনে আক্রমণৰ চেষ্টা চলায়৷ সেনা–আৰক্ষীৰ দলটোৱে প্রত্যুত্তৰ দি উগ্রবাদীকেইজনৰ প্রতি লক্ষ্য ৰখি গুলীচালনা কৰে৷ বহু সময় ধৰি চলা প্রচণ্ড গুলীয়াগুলীত এন এছ চি এন (আই–এম)ৰ ছয় সদস্য থিতাতে নিহত হয়৷ আনহাতে, উগ্রবাদীৰ গুলীত আছাম ৰাইফলছৰ এজন জোৱান আহত হয়৷ সম্প্রতি তেওঁৰ স্বাস্থ্য সংকটজনক বুলি জানিব পৰা গৈছে৷
ইপিনে, ঘটনাস্থলীৰ পৰা সেনা–আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র৷ ঘটনাস্থলীৰ পৰা চাৰিটা এ কে–৪৭ ৰাইফল, দুটা চীনত নির্মিত এম কিউ–৮১ ৰাইফল, মেগজিন, গ্রেনেডৰ আই ই ডিসহ বৃহৎ পৰিমাণৰ বিস্ফোৰক অভিযানকাৰী দলটোৱে জব্দ কৰিছে৷ সংঘর্ষৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈছে লংডিং জিলাৰ আৰক্ষী অধীক্ষক, ষষ্ঠ আছাম ৰাইফলছৰ কমাণ্ডেণ্টসহ উচ্চপদস্থ বিষয়াসকল৷ দুর্গত অঞ্চলটোৰ পৰা পলায়ন কৰা একাংশ উগ্রবাদীৰ সন্ধানত দিনৰ ভাগতো অভিযান অব্যাহত ৰাখে আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে৷
উল্লেখ্য যে নগা উগ্রপন্থী সংগঠন এন এছ চি এন (আই–এম)–এ ১৯৯৭ চনৰ পৰা অস্ত্রবিৰতি চুক্তিৰ অধীনত আছে৷ শীঘ্রে চৰকাৰৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰাৰ সম্ভাৱনা আছে৷ সম্প্রতি উগ্রপন্থী সংগঠনটো নাগালেণ্ডৰ উপৰি অৰুণাচল প্রদেশৰ লংডিং, টিৰাপ, বাংলাঙৰ লগতে অসমৰ কিছু অংশতো সক্রিয় হৈ আছে৷ শেহতীয়াকৈ ক’ৰোনাক লৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ মাজতে ম্যানমাৰত আশ্রয় লৈ থকা একাংশ উগ্রবাদী সংগঠনে উত্তৰ–পূর্বাঞ্চলত বাহৰ পতা পৰিলক্ষিত হৈছে৷