নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা। উত্তীৰ্ণৰ হাৰ ৮৮.৭৮ শতাংশ। বিগত বৰ্ষতকৈ ৫.৩৪ শতাংশ বৃদ্ধি উত্তীৰ্ণৰ হাৰ।

উত্তীৰ্ণৰ শীৰ্ষত জৱাহৰ নবোদয় বিদ্যালয় (৯৮.৭০শতাংশ) আৰু কেন্দ্ৰীয় বিদ্যালয় ৯৮.৬২ শতাংশ। শিক্ষাৰ্থীসকলে ৰিজাল্ট সমূহ ‘cbseresults.nic.in’ বেৱছাইটৰ যোগেদি চাব পাৰিব।

CBSEৰ ফলাফল মতে ৩৮,৬৮৬ শিক্ষাৰ্থীয়ে ৯৫শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছে।  আৰু ১,৫৭৯৩৪গৰাকী শিক্ষাৰ্থীয়ে ৯০ শতাংশ নম্বৰ লাভ কৰিছে সদ্যঘোষিত দ্বাদশ শ্ৰেণীৰ ফলাফলত।

You might also like