নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আক্রান্তৰ সংখ্যা কিছু নিয়ন্ত্রণলৈ আহিলেও ৰোগীৰ জটিলতা চিন্তাজনক’

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও ক্রমাৎ বৃদ্ধি পোৱা ঘটনাই উদ্বিগ্ণ কৰি তুলিছে স্বাস্থ্য বিভাগক৷ শেহতীয়াকৈ ক’ভিড–১৯ত আক্রান্ত হোৱা বহু ৰোগী জটিল অৱস্থাত চিকিৎসালয়ত ভর্তি হোৱাৰ পাছত মৃত্যুক সাবটি ল’ব লগা হৈছে৷ ক্রমাৎ পৰিৱেশ অধিক অৱনতি হোৱাক লৈ উদ্বিগ্ণ হৈ পৰা স্বাস্থ্য বিভাগে  এই সন্দর্ভত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ, অধীক্ষক আৰু জ্যেষ্ঠ চিকিৎসকসকলক লৈ অনুষ্ঠিত এই বৈঠকত হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰা ক’ভিড আক্রান্তসকলক কিদৰে চিকিৎসা প্রদান কৰিব পৰা যাব অথবা এই ৰোগীসকলক ক্ষিপ্রতাৰে চিকিৎসা প্রদানৰ বাবে কেনেধৰণৰ দৰব অথবা ব্যৱস্থা গ্রহণ কৰা হ’ব, সেই সন্দর্ভত এক বিস্তৃত আলোচনা কৰা হয়৷

বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমক কয়– ক’ৰোনা আক্রান্তসকলৰ মাজত প্রথমতে যি সাধাৰণ লক্ষণ দেখা দিছিল, সেয়া এতিয়া সলনি হৈছে৷ লাহে লাহে এইধৰণৰ ৰোগী গুৰুতৰভাৱে অসুস্থ হোৱা আৰম্ভ হৈছে৷ বর্তমান জি এম চি এইচৰ আই চি ইউত ৪০জন ৰোগী চিকিৎসাধীন হৈ আছে৷ আনহাতে, আই চি ইউত নথকা ৩০জন ৰোগী যথেষ্ট জটিল অৱস্থাত আছে৷ এই ৰোগীসকলক কি ধৰণৰ চিকিৎসাৰ জৰিয়তে সোনকালে সুস্থ কৰি তুলিব পাৰি, সেই সন্দর্ভত আজি জ্যেষ্ঠ চিকিৎসকসকলৰ সৈতে আলোচনা কৰা হয়৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, দেশত এতিয়া তিনিটামান এনেধৰণৰ দৰব বজাৰলৈ আহিছে, যিবোৰৰ দ্বাৰা আক্রান্ত ৰোগীক চিকিৎসা প্রদান কৰিলে তৎকালে সুস্থ হোৱাৰ সম্ভাৱনা থাকে৷ অৱশ্যে এই দৰবসমূহ যথেষ্ট ব্যয়বহুল হোৱা হেতু বজাৰত ই পর্যাপ্ত পৰিমাণে উপলব্ধ হোৱা নাই৷ আনকি ইয়াৰ ক’লা বজাৰো আৰম্ভ হৈছে৷ এই দৰবসমূহ স্বাস্থ্য বিভাগে কিদৰে উপলব্ধ কৰিব পাৰে আৰু ইয়াক কিদৰে ব্যৱহাৰ কৰিব পাৰে, এই দিশবোৰ  বৈঠকত আলোচনা কৰা হয়৷ তেওঁ কয়– এতিয়াৰে পৰা প্রতিদিনে সন্ধিয়া ৫ বজাৰ পৰা ৬ বজালৈ জি এম চি এইচৰ জ্যেষ্ঠ চিকিৎসকসকলে গুৰুতৰভাৱে অসুস্থ হৈ থকা ৰোগীসকল স্বাস্থ্য সন্দর্ভত আলোচনা কৰি কিধৰণৰ চিকিৎসা আগবঢ়োৱা হ’ব, তাৰ সিদ্ধান্ত ল’ব৷ ইফালে জি এম চি এইচত আৰম্ভ কৰা প্লাজমা থেৰাপীৰ প্রসংগত ড০ শর্মাই কয়– চিকিৎসালয়খনত দুজন ৰোগীৰ ওপৰত প্লাজমা থেৰাপী প্রয়োগ কৰা হৈছে৷ দুয়োজন কিছু সুস্থ হৈছে যদিও ভাল অৱস্থালৈ অহা নাই৷ পৰৱর্তী সময়ত আন ৰোগীসকলক কিদৰে প্লাজমা থেৰাপী দিব পৰা যায়, তাৰ বাবে ক’ভিড ৰোগীসকলৰ মাজত এক প্রচাৰ চলোৱাৰ বাবেও স্বাস্থ্য বিভাগে চিন্তা–চর্চা কৰিছে৷ মন্ত্রীগৰাকীয়ে ৰাজ্যৰ শেহতীয়া স্থিতি সম্পর্কত কয়– ক’ৰোনা আক্রান্ত ৰোগীৰ এতিয়া চৰিত্র সলনি হৈছে৷ পূর্বে আক্রান্ত হোৱাসকলৰ অৱস্থা গুৰুতৰ নাছিল৷ কিন্তু এতিয়া ক্রমাৎ ক’ৰোনাত আক্রান্ত হৈ গুৰুতৰভাৱে অসুস্থ লোকসকল চিকিৎসালয়লৈ আহিবলৈ আৰম্ভ কৰিছে৷ ইতিমধ্যে স্থাপন কৰা ক’ভিড কেয়াৰ চেণ্টাৰসমূহৰ পৰা প্রতিদিনে ৪–৫জনকৈ গুৰুতৰভাৱে অসুস্থ হোৱা ৰোগী চিকিৎসালয়লৈ আহিবলৈ লৈছে৷

পৰিস্থিতি এতিয়া কিছু নিয়ন্ত্রণ হৈছে আৰু ক’ৰোনা আক্রান্তৰ সংখ্যা পূর্বতকৈ যথেষ্ট হ্রাস পাইছে৷ গুৱাহাটীত প্রতিদিনে গড়ে ৪০০ৰ পৰা ৪৫০ ক’ৰোনা আক্রান্ত চিনাক্ত হৈছে৷ সাধাৰণ ৰাইজৰ মাজত ই নিয়ন্ত্রণ হৈছে যদিও আৰক্ষী, সেনা, বি এছ এফ আৰু কাৰাগাৰৰ পৰা আক্রান্ত লোৱা লোক চিকিৎসালয়লৈ বেছিকৈ আহিবলৈ লৈছে৷ লকডাউনৰ প্রসংগত মন্ত্রীগৰাকীয়ে কয় যে পুনৰ লকডাউন যাতে নহয় সেই দিশত সাধাৰণ ৰাইজে সচেতন হোৱা জৰুৰী৷ যাতে সকলোৱে মাস্ক পিন্ধে, সামাজিক দূৰত্ব বজাই ৰাখে, লকডাউনৰ এই প্রাথমিক নিয়মসমূহ সকলোৱে মানি চলিলে পুনৰ লকডাউন দিয়াৰ প্রয়োজন নাথাকে৷

You might also like