নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ জটিল পৰিস্থিতিত সংবাদ মাধ্যমৰ প্রত্যাহ্বান

নিয়মীয়া বাৰ্তা, ১৫ জুলাই: চেন্নাইভিত্তিক সংবাদ প্রতিষ্ঠান ফ’ৰ্থ ডাইমেনছনৰ বিশেষ উদ্যোগ৷ প্রতিষ্ঠানটোৱে অহা ২৯ জুলাইত আয়োজন কৰিছে আনলকিং মিডিয়া ইন তামিলনাডু, চেপ্টাৰ ৱানৰ৷ মুখ্যতঃ ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা জটিল পৰিস্থিতিত সংবাদ মাধ্যমৰ প্রতি হোৱা প্রত্যাহ্বান অতিক্রম কৰাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷

ফ’ৰ্থ ডাইমেনছনে আয়োজন কৰা ই কনক্লেভত অংশ ল’ব কেইবাজনো বিশেষজ্ঞই৷ এওঁলোকৰ ভিতৰত আছে লাভিষ্টা কফীৰ উপ–সভাপতি শ্রীৰাম এছ, গডৰেজ কনজুমাৰ প্রডাক্ট লিমিটেডৰ মিডিয়া হেড শুভা শ্রীনিবাসন, গ’য়েংকা গ্রুপৰ মিডিয়া হেড ভাবনা মিট্টাল, মিডিয়া কম ইণ্ডিয়াৰ হৰিহৰণ বিশ্বনাথন, গ’ল্ড উইণ্টাৰ অইলৰ মার্কেটিঙৰ উপ–সভাপতি শ্রীকান্ত আৰু ডেক’ৰেটিভ নিপন প্রিণ্ট ইণ্ডিয়াৰ সভাপতি মহেশ আনন্দ৷ ফ’থ ডাইমেনছনৰ মুখ্য কার্যবাহী বিষয়া শংকৰ বিয়ে এই সন্দর্ভত আশা প্রকাশ কৰে যে এই অনুষ্ঠানে সংবাদ মাধ্যম তথা বিজ্ঞাপনদাতাৰ স্বার্থত প্রতিনিধিত্ব কৰিব৷

You might also like