নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ভাৰত–ইউৰোপীয় সংঘৰ (ই ইউ) সন্মিলনত আজি ভিডি’ কনফাৰেঞ্চিংযোগে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি ঘোষণা কৰে যে বিশ্বজুৰি ক’ভিড–১৯ সংকটৰ পাছত আহি পৰিছে অর্থনৈতিক ক্ষেত্রলৈ প্রত্যাহ্বান৷ এই প্রত্যাহ্বানৰ প্রাচীৰ অতিক্রম কৰি সমস্যা সমাধানৰ দিশে আগবাঢ়িবলৈ হ’লে গণতান্ত্রিক দেশসমূহ ঐক্যবদ্ধ হ’ব লাগিব বুলিও প্রধানমন্ত্রী মোদীয়ে সন্মিলনক সম্বোধি মন্তব্য কৰিছে৷ ইয়াৰ পূর্বে ছ’চিয়েল মিডিয়া টুইটাৰযোগে মোদীয়ে উল্লেখ কৰে যে ভাৰত আৰু ইউৰোপৰ মাজত এই সন্মিলনে সহযোগিতা বৃদ্ধি কৰিব৷ অর্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্রত ইউৰোপীয় সংঘ তথা ভাৰতৰ সম্পর্ক অধিক সুদৃঢ় কৰিব বুলিও আশা প্রকাশ কৰে মোদীয়ে৷
উল্লেখনীয় যে বাণিজ্য, বিনিয়োগ, প্রতিৰক্ষা আদি বিভিন্ন বিষয়ৰ ওপৰত ই ইউৰ সন্মিলনত আলোচনা হৈছে৷ সন্মিলনক সম্বোধি মোদীয়ে কয় যে ভাৰত আৰু ই ইউৰ মাজত আছে মধুৰ সম্পর্ক৷ বিশ্বত শান্তি আৰু সুস্থিৰতাৰ বাবে ই ইউ–ভাৰতৰ অংশীদাৰিত্ব বিশেষ ফলদায়ক হ’ব বুলিও মোদীয়ে উল্লেখ কৰিছে৷ গণতন্ত্র, বহুত্ববাদ আদিক ভাৰত আৰু ইউৰোপীয় সংঘই বিশেষ মূল্য প্রদান কৰি অহা বুলি উল্লেখ কৰি মোদীয়ে কয়– আন্তর্জাতিক প্রতিষ্ঠান তথা বহুত্ববাদী চিন্তা–চর্চাক ভাৰতে সদায় সন্মান জনাই আহিছে৷ আগন্তুক দিনত ই ইউ আৰু ভাৰতৰ সম্পর্কই বিশ্বজুৰি সকলো প্রত্যাহ্বানক ওফৰাবলৈ তৎপৰতা চলাব বুলিও মোদীয়ে ঘোষণা কৰিছে৷