নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতক হৰুৱাবলৈ হ’লে চাপত ৰাখিব লাগিব কোহলিক

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ  চাৰিখন টেষ্ট মেচত অংশগ্রহণ কৰাৰ উদ্দেশ্যে চলিত বর্ষৰ শেষৰফালে অষ্ট্রেলিয়া ভ্রমণ কৰিব বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷ টীম ইণ্ডিয়া আৰু অষ্ট্রেলিয়াৰ মাজত হ’বলগীয়া বহু প্রতীক্ষিত এই শৃংখলাটোক লৈ ইতিমধ্যে আৰম্ভ হৈছে জল্পনা–কল্পনাৰ৷ এই শৃংখলাটোক অধিক আগ্রহেৰে বাট চাইছে দেশখনৰ প্রাক্তন তাৰকা পেচ বলাৰ ব্রেট লীয়ে৷ টেষ্ট শৃংখলাটো সন্দর্ভত সংবাদ প্রতিষ্ঠানৰে হোৱা এক বার্তালাপত ব্রেট লীয়ে কয় যে যদি অষ্ট্রেলিয়াই টেষ্ট খৃংখলাটোত জয়লাভ কৰিব বিচাৰে, তেতিয়াহ’লে প্রথমৰ পৰাই টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক চাপত ৰাখিব লাগিব৷ টেষ্ট শৃংখলাটো অধিক আকর্ষণীয় হ’ব বুলিও উল্লেখ কৰি ব্রেট লীয়ে লগতে কয় যে ২০১৮–১৯ চনত টীম ইণ্ডিয়াৰ হাতত পৰাস্ত হোৱাৰ পোতক তোলাৰ বাবে অষ্ট্রেলিয়াই সুৱর্ণ সুযোগ লাভ কৰিছে৷

অৱশ্যে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াৰ পৰা অষ্ট্রেলিয়াই টেষ্ট শৃংখলাটোত তীব্র প্রত্যাহ্বান পোৱাটো খাটাং৷ কিয়নো বিৰাট কোহলিৰ দৰে বিশ্বশ্রেষ্ঠ বেটছমেন ভাৰতীয় দলটোত আছে৷ কোহলিৰ লগতে ৰোহিত শর্মা, পূজাৰাৰ দৰেও অভিজ্ঞ বেটছমেন দলটোত আছে৷ আনহাতে, টীম ইণ্ডিয়াৰ বলিং শক্তিও শক্তিশালী৷ বুমৰাহ, ভুবনেশ্বৰ কুমাৰ, ঈশান্ত শর্মা, উমেশ যাদৱৰে পৰিপূর্ণ বলিং শক্তিটোৱে অষ্ট্রেলিয়াৰ বেটছমেনক বিপদ পেলোৱাৰ পূর্ণ সম্ভাৱনা আছে বুলি ব্রেট লীয়ে মন্তব্য কৰে৷ অৱশ্যে ষ্টিভেন স্মিথ আৰু ডেভিদ ৱার্নাৰৰ উপস্থিতিয়ে অষ্ট্রেলিয়া দলটোৰ মনোবল যথেষ্টখিনি বৃদ্ধি কৰিব বুলি আশাপ্রকাশ কৰে অষ্ট্রেলিয়াৰ প্রাক্তন পেচ বলাৰগৰাকীয়ে৷

উল্লেখ্য যে চাৰিখন টেষ্ট আৰু তিনিখন এদিনীয়া মেচত অংশ লোৱাৰ উদ্দেশ্যে ভাৰতীয় দলটোৱে ডিচেম্বৰত অষ্ট্রেলিয়া ভ্রমণ কৰিব৷

You might also like