হিংস্র জার্মান ছেফার্ডৰ মুখৰ পৰা ভগ্নীক ৰক্ষা কিশোৰৰ
ছবছৰীয়া ব্রিডগাৰৰ সাহসিকতাক প্রশংসা বিশ্ববাসীৰ
নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ চাৰিবছৰীয়া ভনীয়েকক হিংস্র জার্মান ছেফার্ড কুকুৰৰ মুখৰ পৰা ৰক্ষা কৰি বিশ্বজুৰি প্রশংসাৰ পাত্র হৈছে আমেৰিকাৰ ৱাইওমিঙৰ ছবছৰীয়া কিশোৰ ব্রিডগাৰ ৱাকাৰ৷ উল্লেখনীয় যে কুকুৰটোৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ গৈ গুৰুতৰভাৱে আহত হৈছিল ৱাকাৰ৷ আঢ়ৈ ঘণ্টা ধৰি হাস্পতালত ৱাকাৰৰ অস্ত্রোপচাৰ হৈছিল৷ কিশোৰটোৰ শৰীৰৰ বিভিন্ন স্থানত ৯০টাতকৈ অধিক চিলাই পৰিছিল৷ ৰক্ষা বন্ধনৰ উৎসৱ চলি থকা সময়তে আমেৰিকাৰ চহৰখনত সংঘটিত এই ঘটনাই বিশ্বৰ সংবাদ মাধ্যমত সৃষ্টি কৰিছিল আলোড়ন৷ কেইবাদিনো হাস্পতালত থকাৰ পাছত ক্রমান্বয়ে সুস্থ হৈ উঠিছে ব্রিডগাৰ ৱাকাৰ৷ ছ’চিয়েল মিডিয়াযোগে বিভিন্ন মহলে সাহসী ৱাকাৰক প্রশংসা কৰিছে৷ ৰক্ষা বন্ধনত ভগ্ণীক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰি ৱাকাৰে ভাতৃৰ দায়িত্বৰ বিষয়টোক প্রতিফলিত কৰা বুলিও সংবাদ মাধ্যমে সদৰী কৰিছে৷ বর্তমান মুখমণ্ডলত চিলাইৰ ডাগবোৰে ৱাকাৰক দেখিবলৈ বিকৃত কৰি তুলিছে যদিও সংবাদ সংস্থা চি এন এনে কিশোৰটিৰ কার্যক ভূয়সী প্রশংসা কৰি কৈছে যে ব্রিডগাৰৰ ভিতৰত আছে এক মমতাশীল দেৱদূতৰ চেহেৰা৷ ইতিমধ্যে দুই লক্ষাধিক লোকৰ লাইভ আৰু ১১ সহস্রাধিকৰ প্রশংসাসূচক কমেণ্ট ছ’চিয়েল মিডিয়াযোগে আহহিছে ব্রিডগাৰ ৱাকাৰলৈ৷