ইৰানত ক’ভিড–১৯ত আক্রান্ত হৈছে ২৫ নিযুত লোক
নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ ইৰানৰ ৰাষ্ট্রপতি হাছান ৰুহানিয়ে কৰা এক মন্তব্যক কেন্দ্র কৰি সমগ্র দেশখনত সৃষ্টি হৈছে চাঞ্চল্য৷ নেতাগৰাকীয়ে আজি উল্লেখ কৰিছে যে দেশখনত এতিয়ালৈকে ক’ভিড–১৯ মহামাৰীত আক্রান্ত হৈছে ২৫ নিযুত লোক৷ এই ঘাতক মহামাৰীত আন ৩৫ নিযুত লোক আক্রান্ত হোৱাৰ আশংকা আছে বুলিও নেতাগৰাকীয়ে উল্লেখ কৰিছে৷ উল্লেখনীয় যে দেশখনৰ স্বাস্থ্য মন্ত্রালয়ে ক’ভিড–১৯ত এতিয়ালৈকে ২,৬৯,৪৪০গৰাকী লোক আক্রান্ত হোৱা বুলি উল্লেখ কৰিছে৷ কিন্তু স্বাস্থ্য মন্ত্রালয়ৰ তথ্যৰ সৈতে ৰুহানিয়ে প্রকাশ কৰা তথ্যৰ কোনো সাদৃশ্য নাই৷ লগে লগে ইৰানবাসীৰ মাজত স্বাস্থ্য মন্ত্রালয়ৰ তথ্যক লৈ সৃষ্টি হৈছে সন্দেহ৷ স্মর্তব্য যে ৮০ নিযুততকৈ অধিক লোকৰ বাসভূমি হৈছে ইৰান৷ মধ্যপ্রাচ্যৰ এই দেশখনত ক’ভিড–১৯এ মাৰাত্মক ৰূপ ধাৰণ কৰিছে৷ ৰুহানিয়ে উল্লেখ কৰা অনুসৰি দেশখনত এতিয়ালৈকে ১৪ হাজাৰ লোকে ক’ভিড–১৯ত প্রাণ হেৰুৱাইছে৷ ৰুহানিৰ মতে আক্রান্তৰ সংখ্যা ২৫ নিযুত যদিও দেশখনত দুই লক্ষাধিক লোকহে হাস্পতালত চিকিৎসাধীন হৈছে৷ গতিকে গৰিষ্ঠসংখ্যক আক্রান্ত লোকে হাস্পতালত চিকিৎসা লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি উল্লেখ কৰিছে ৰুহানিয়ে৷ ৰাষ্ট্রপতিগৰাকীৰ মতে দেশখনৰ আন ৩৫ নিযুত লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ আশংকা আছে৷ কিন্তু স্বাস্থ্য মন্ত্রালয়ে ৰাষ্ট্রপতি ৰুহানিৰ এই বক্তব্যক সমর্থন জনোৱা নাই৷ স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা অনুসৰি দেশখনত ক’ভিড–১৯ত প্রাণ হেৰুৱাইছে ১৩,৭৯১গৰাকী লোকে৷ ইফালে ৰাষ্ট্রপতি ৰুহানিৰ মন্তব্যক কেন্দ্র কৰি দেশখনৰ চৰকাৰত আৰম্ভ হৈছে তীব্র মতানৈক্য৷