ৰাজ্যত বুধবাৰে ৯৭২জনলৈ সংক্রমিত ক’ভিড; পুনৰ মৃত্যু দুজনৰ
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ মহামাৰী ক’ৰোনাৰ ভয়ানক সংক্রমণ বুধবাৰৰ দিনটোতো ৰাজ্যত অব্যাহত আছে৷ ক’ভিডত আক্রান্ত হৈ দিনটোত পুনৰ দুগৰাকী লোকৰ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিশা টুইটাৰযোগে প্রকাশ কৰা অনুসৰি যোৰহাটৰ অলক ঘোষ (৫৪) আৰু কামৰূপ মেট্র’ৰ হৰেন বৰণ (৪৭)ৰ মৃত্যু হয়৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬লৈ বৃদ্ধি পালে৷
আনহাতে বুধবাৰে দিনটোত ৰাজ্যখনত মুঠ ৯৭২গৰাকী লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হয়৷ আক্রান্তসকলৰ ৩৫৪গৰাকী গুৱাহাটী মহানগৰীৰ৷ আনহাতে বুধবাৰে ১৩১৭গৰাকী লোক সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতি যায়৷ ইয়াৰ লগে লগে এতিয়ালৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ১৯,৩৫০গৰাকীলৈ বৃদ্ধি পালে৷ ৰাজ্যখনত এতিয়ালৈ মুঠ ২৭,৭৪৪গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ বর্তমান ৯,৬৪২গৰাকী লোক বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে৷
ইপিনে, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰাজ্যিক কর্কট প্রতিষ্ঠান আৰু ডাঃ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত স্থাপন কৰা মলেকুলাৰ ভিৰ’লজী লেবৰেটৰী দুটা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ ইয়াৰ ফলত ৰাজ্যখনত ভাৰতীয় আয়ুর্বিজ্ঞান অনুসন্ধান পৰিষদে স্বীকৃতি প্রদান কৰা লেবৰেটৰীৰ সংখ্যা ১৫টালৈ বৃদ্ধি পালে