নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ বছৰৰ ভিতৰত পৃথিৱীত ১.৩ বিলিয়ন টন বর্জিত প্লাষ্টিক

নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ পৃথিৱীৰ স্থল আৰু জলভাগত প্লাষ্টিক প্রদূষণে সৃষ্টি কৰা ভয়াৱহতা ইতিমধ্যে পৰিৱেশ–পাৰিপার্শ্বি স্পষ্ট হৈ পৰিছে৷ বিশ্বৰ দেশসমূহে বর্জিত প্লাষ্টিকৰ প্রদূষণ ৰোধ কৰাৰ বাবে কিম্বা এবাৰ ব্যৱহূত প্লাষ্টিক বন্ধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিলেও কার্যতঃ সেয়া ভেঁকো–ভাওনাহে হৈছে৷ পৰিণতিত বিশ্বজুৰি বর্জিত প্লাষ্টিক ভাণ্ডাৰ বৃদ্ধি পাইছে৷ শীঘ্রেই বর্জিত প্লাষ্টিকক লৈ ব্যৱস্থা গ্রহণ নকৰিলে অহা ২০ বছৰৰ ভিতৰত ১.৩ বিলিয়ন টন প্লাষ্টিক আৱর্জনা পৃথিৱীত ভৰি পৰিব৷ এই আৱর্জনাৰ পৰিমাণ হৈছে গ্রেট ব্রিটেইনৰ মাটিকালিৰ ডেৰ গুণ৷ লীডছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ক’ষ্টাছ ভেলিজৰ মতে, ২০৪০ চনৰ ভিতৰত পৃথিৱীৰ ভূমি আৰু মহাসাগৰত ১.৩ বিলিয়ন বর্জিত প্লাষ্টিক জমা হ’ব৷ জার্নেল ছায়েঞ্চত প্রকাশ কৰা মতে ই পৃথিৱীৰ মানৱ জাতিৰ লগতে জীৱ আৰু উদ্ভিদ জগতৰ বিস্তৰ ক্ষতি কৰিব৷

You might also like