নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ আপুনি পাবজি প্ৰেমী নেকি? তেন্তে আপোনালৈ আছে এটা বেয়া খবৰ ।অতি শীঘ্ৰে পাবজি নিষিদ্ধ হ’ব পাৰে।দৰাচলতে, দেশত ৫৯ টা চীনা এপ নিষিদ্ধ হোৱাৰ পাছত আন ২৭৫টা চীনা এপ নিষিদ্ধ কৰাৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে।এই তালিকাতে অন্তৰ্ভুক্ত হৈছে জনপ্ৰিয় অনলাইন গেম পাবজি।
তথ্য অনুসৰি নতুন তালিকাত অন্তৰ্ভুক্ত সকলো এপ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ব্যৱহাৰকাৰীৰ গোপনীয়তা উলংঘন কৰাৰ সন্দৰ্ভত অনুসন্ধান কৰা যাব।কিন্তু অনুসন্ধানত কোনো ধৰণৰ অনিয়ম নাপালে ইয়াৰ নিষিদ্ধ কৰণ নহ’ব পাৰে।অৱশ্যে, বৰ্তমানলৈকে গৃহ মন্ত্ৰনালয়ে এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই।