নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ প্রথম সপ্তাহত নাথাকে অষ্ট্রেলিয়া, ইংলেণ্ডৰ খেলুৱৈ

নিয়মীয়া বাৰ্তা, ২ আগষ্ট: ক্রিকেটপ্রেমীৰ দীর্ঘ প্রতীক্ষাৰ অন্তত অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা ইউ এ ইত আৰম্ভ হ’ব বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এল৷ দেশী–বিদেশী তাৰকাৰ সমাহাৰ ঘটা আই পি এলৰ ৰোমাঞ্চ আৰু উত্তেজনাত বিলীন হ’বলৈ বিশ্বৰ ক্রিকেট অনুৰাগীসকল সাজু হৈ উঠিছে৷ অৱশ্যে প্রতিযোগিতাখনৰ আৰম্ভণিৰ সপ্তাহটোত ক্রিকেটপ্রেমী ডেভিদ ৱার্নাৰ, ষ্টিভেন স্মিথ, জ’ফ্রা আর্চাৰ, বেন ষ্ট’কছ, পেট কামিনছ আদিৰ দৰে তাৰকাক দেখিবলৈ নাপাব৷ কিয়নো ইংলেণ্ড আৰু অষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া আৰু টি–২০ শৃংখলাটো ১৬ ছেপ্ঢেম্বৰতহে সামৰণি পৰিব৷ গতিকে তিনি দিন পিছতে ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া আই পি এলত অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ খেলুৱৈসকলে অংশগ্রহণ কৰাটো একপ্রকাৰ অসম্ভৱ৷

ইউ এ ই চৰকাৰৰ নির্দেশনা অনুসৰি তেওঁলোকে দেশখনত উপস্থিত হোৱাৰ পিছতো এসপ্তাহ কোৱাৰেণ্টাইনত থাকিব লাগিব৷ মন কৰিবলগীয়া যে আই পি এলৰ অন্যতম সফল ফ্রেনচাইজী ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজার্ছ হায়দৰাবাদৰ অধিনায়কৰ দায়িত্বত আছে ক্রমে ষ্টিভেন স্মিথ আৰু ডেভিদ ৱার্নাৰ৷ ইফালে, ৱেষ্ট ইণ্ডিজ ক্রিকেট ব’ডৰ উদ্যোগত আয়োজিত কেৰিবিয়ান প্রিমিয়াৰ লীগো ১০ ছেপ্ঢেম্বৰলৈ চলি থাকিব৷ গতিকে প্রতিযোগিতাখনৰ ফাইনেলত অংশ লোৱা খেলুৱৈসকলে আই পি এলৰ দ্বিতীয় সপ্তাহতহে নিজ নিজ দলত যোগ দিব পাৰিব৷ একেদৰে ছেপ্ঢেম্বৰৰ মাজভাগত চলি থাকিবলগীয়া শ্রীলংকান প্রিমিয়াৰ লীগত ব্যস্ত থকাৰ বাবে আই পি এলৰ আৰম্ভণি সময়ছোৱাত তাৰকা বেগী বলাৰ লাছিথ মালিংগাক দেখিবলৈ পোৱাৰ সম্ভাৱনা নাই৷

You might also like