নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাতগাঁৱত যুৱ ব্যৱসায়ীক অপহৰণ–লুটিলে ৯৭ হাজাৰ টকা

নিয়মীয়া বাৰ্তা, ২ আগষ্ট: আনলক আৰু সান্ধ্য আইনৰ মাজতে মহানগৰীৰ সাতগাঁৱত সংঘটিত হ’ল এক চাঞ্চল্যকৰ অপহৰণ আৰু ডকাইতি কাণ্ড৷ তিনিজনীয়া দুর্বৃত্তৰ দলে সাতগাঁৱৰ এজন যুৱ ব্যৱসায়ীক প্রথমে অপহৰণ কৰি পিছত হত্যাৰ ভাবুকিৰে ৯৭ হাজাৰ টকা লুট কৰি নিয়ে৷ জানিব পৰা মতে, সাতগাঁও বজাৰ নিৱাসী যুৱ ব্যৱসায়ী হিমাংশু আগৰৱালাই কালি প্রায় ৬ বজাত জু–ৰোড তিনিআলিৰ ঘৰ অভিমুখে আহি আছিল৷ এছএফএছ স্কুলৰ সমীপত পিছফালৰ পৰা আহি থকা এএছ–০১ এ আৰ–২৬২৯ নম্বৰৰ বগা ৰঙৰ মাৰুতি ছুজুকি গাড়ীখনত অহা দুর্বৃত্তৰ দলটোৱে হিমাংশুক আগভেটি ধৰে আৰু বিনা কাৰণত মাৰধৰ কৰিবলৈ আৰম্ভ কৰে আৰু যুৱকজনে চলাই অহা স্কুটীখনৰ চাবি কাঢ়ি লয়৷ দুর্বৃত্তৰ দলটোৱে হিমাংশুক নিজৰ গাড়ীত ভৰাই পলায়ন কৰে৷ নুনমাটিৰ হনুমান মন্দিৰৰ সমীপৰ কোঠা এটাত আবদ্ধ কৰি বন্দুক দেখুৱাই হত্যাৰ ভাবুকি দি ৫ লাখ টকা দাবী কৰে৷ যুৱকজনে ক’ৰ পৰা ইমান টকা দিম বুলি কোৱাত এজন দুর্বৃত্তই কোঠাটোৰ কাষেৰে বৈ যোৱা নলাৰ পানীত গুলীচালনা কৰি টকা দে নহ’লে গুলীয়াই মাৰিম বুলি ভাবুকি দিয়ে৷ যুৱকজনে প্রাণৰ ভয়ত একেলগে ইমান টকা দিব নোৱাৰো বুলি কোৱাত দুর্বৃত্তৰ দলটোৱে প্রথমে দুই লাখ বিচাৰে আৰু বাকী তিনি লাখ টকা অহা সোমবাৰে দিব লাগিব বুলি জনায়৷ তেতিয়াও যুৱকজনে দুই লাখ দিব নোৱাৰো বুলি কোৱাত দুর্বৃত্তৰ দলটোৱে কিমান টকা আদায় দিব পাৰিবি বুলি যুৱকজনক সোধে৷ তেতিয়া যুৱকজনে ৫০ হাজাৰ টকা দিব পাৰিম বুলি কয়৷ দুর্বৃত্তৰ দলটোৱে যুৱকজনক ছুৰীৰে হানিবলৈ উদ্যত হয় আৰু এজন দুর্বৃত্তই ম’বাইলটো কাঢ়ি লৈ যায়৷ পিছত যুৱকজনে বন্ধুৰ পৰা যিমান পাৰে সিমান টকা ধাৰ লৈ দুর্বৃত্তৰ দলটোক দিব বুলি জনায়৷

যুৱকজনে বন্ধুবর্গক ফোন কৰি গুগল পেৰে টকা সংগ্রহ কৰি বিজয় কলিতা নামৰ এজন যুৱকৰ একাউণ্টত গুগল পেৰে সর্বমুঠ ৯৭ হাজাৰ টকা আদায় দিয়ে৷ দুর্বৃত্তৰ দলটোৱে হিমাংশুৰ পকেটত থকা নগদ তিনি হাজাৰ টকা লৈ যায়৷ অহা সোমবাৰে বাকী থকা এক লাখ আদায় দিব লাগিব বুলি দুর্বৃত্তৰ দলটোৱে যুৱকজনক ধমকি দিয়ে৷ ইতিমধ্যে অসহায় যুৱকজনে ঘটনা সন্দর্ভত সাতগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছে৷ তদন্ত প্রক্রিয়া আৰম্ভ কৰিছে যদিও দুর্বৃত্তৰ দলটোৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য যে মহানগৰ আৰক্ষীৰে গিজগিজাই থকা মহানগৰীতেই যদি দিন–দুপৰতে এনেদৰে দুর্বৃত্তই অপহৰণ কৰি ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ সক্ষম হয়, তেনেহ’লে এনেবোৰ কাণ্ডই মহানগৰ আৰক্ষীৰ ফোঁপোলা স্বৰূপহে উদঙাই দিছে৷

You might also like