নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ কৃপা ৩৪বাৰত মেট্রিকত উত্তীর্ণ নুৰুদ্দিন

নিয়মীয়া বাৰ্তা ২ আগষ্টঃ   মহামাৰী ক’ৰোনা ভাইৰাছে ৫১ বছৰীয়া তেলেংগানাৰ এজন ব্যক্তিলৈ সৌভাগ্য কঢ়িয়াই আনিলে৷ ৩৩ বছৰ এছএছচি পৰীক্ষা তথা দশম শ্রেণীৰ পৰীক্ষাত অৱতীর্ণ হৈও সফলতা লাভ কৰিব নোৱাৰা তেলেংগানাৰ ৫১ বছৰীয়া মহম্মদ নুৰুদ্দিন নামৰ লোকজনে এইবেলিও ৰাজ্যখনৰ এছএছচি পৰীক্ষাত অৱতীর্ণ হৈছিল৷ সৌভাগ্য যে এইবেলি নুৰুদ্দিনে পৰীক্ষাত অৱতীর্ণ হ’ব নোৱাৰিলে৷ ক’ৰোনা ভাইৰাছৰ বাবে পৰীক্ষা স্থগিত কৰাত দশম শ্রেণীৰ শিক্ষার্থীসকলক পৰীক্ষা নিদিয়াকৈ উত্তীর্ণ ঘোষণা কৰিলে৷ ইয়াৰ বাবেই নুৰুদ্দিনে ৩৪বাৰত এছএছচি পৰীক্ষাত উত্তীর্ণ হ’ল৷ দশম শ্রেণীৰ পৰীক্ষাত উত্তীর্ণ হৈ অতি সন্তুষ্টি প্রকাশ কৰা নুৰুদ্দিনে ক’ৰোনা ভাইৰাছক ধন্যবাদ জনাইছে৷ উল্লেখ্য যে ১৯৮৭ চনৰে পৰা এছএছচি পৰীক্ষাত অৱতীর্ণ হৈ থকা নুৰুদ্দিনে ৩৩বাৰেই ইংৰাজী বিষয়ত ৩০তকৈ কম নম্বৰ পায় আৰু পৰীক্ষাত অনুত্তীর্ণ হয়৷ ৩৩বাৰ পৰীক্ষা দিও ভাগৰি নপৰা নুৰুদ্দিন অৱশেষত বিনাপৰিশ্রমে দশম শ্রেণীৰ পৰা উত্তীর্ণ হ’ল৷

You might also like