টুইটাৰত আলোড়ন যোধপুৰৰ ‘ক’ভিড কাৰী’–‘মাস্ক নান’
নিয়মীয়া বাৰ্তা ২ আগষ্টঃ মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছে সলনি কৰি দিছে মানুহৰ জীৱনশৈলী৷ সলনি হৈছে ৰেষ্টুৰেণ্টসমূহৰ খাদ্য তালিকা৷ ৰাজস্থানৰ যোধপুৰৰ এখন ৰেষ্টুৰেণ্টে নতুন আৰু অভিনৱ ধৰণেৰে ক’ৰোনাৰ আর্হিত খাদ্য তালিকা প্রস্তুত কৰি টুইটাৰত আলোড়ন সৃষ্টি কৰিছে৷ ছ’চিয়েল মিডিয়াত ব্যাপক চর্চিত এই ৰেষ্টুৰেণ্টৰ খাদ্য দুবিধ হৈছে ‘ক’ভিড কাৰী’ আৰু ‘মাস্ক নান’৷ ক’ৰোনা ভাইৰাছৰ আর্হিত মলয় ক’ফটাৰ কাৰী প্রস্তুত কৰাৰ লগতে ফেচ মাস্কৰ আর্হিত প্রস্তুত কৰিছে নান৷ যাৰ নাম ৰেষ্টুৰেণ্টখনে মাস্ক নান ৰাখিছে৷ ক’ৰোনা ভাইৰাছৰ সজাগতাৰ সমান্তৰালকৈ গ্রাহকৰ স্বাস্থ্য আৰু সুৰক্ষাক প্রাধান্য দি ৰেষ্টুৰেণ্টখনে এই খাদ্য দুবিধ গ্রাহকৰ বাবে আগবঢ়াইছে বুলি প্রকাশ কৰিছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে পশ্চিমবংগৰ কলকাতাত মিঠাইৰ ব্যৱসায়ীয়ে ক’ৰোনা সন্দেশ আৰু ক’ৰোনা কেক গ্রাহকলৈ আগবঢ়াইছিল৷ খাদ্য সামগ্রীত ক’ৰোনাৰ আর্হি নিশ্চয়কৈ জনপ্রিয়তাৰ অন্য নাম হৈ পৰিছে৷