নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ বিধি প্রস্তুতৰ বাবে তিনি মাহৰ সময় বিচাৰিলে কেন্দ্রই

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ  নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিধি প্রস্তুতৰ বাবে পুনৰ তিনি মাহৰ অতিৰিক্ত সময় বিচাৰিলে কেন্দ্রীয় চৰকাৰে৷ সংসদীয় ষ্টেণ্ডিং কমিটীৰ ওচৰত তিনি মাহৰ অতিৰিক্ত সময় বিচাৰি আবেদন দাখিল কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ উল্লেখ্য যে উভয় সদনত গৃহীত হোৱাৰ পিছত ৰাষ্ট্রপতিৰ অনুমোদনৰ ছমাহৰ ভিতৰত আইনখনৰ বিধি প্রস্তুত কৰিব লাগে৷ অৱশ্যে এইক্ষেত্রত প্রয়োজন অনুসাৰে সময় বিচাৰিব পাৰে কেন্দ্রই৷

এগৰাকী জ্যেষ্ঠ বিষয়াই এই সন্দর্ভত সংবাদ মাধ্যমত সদৰী কৰা অনুসৰি বিগত কেইবামাহো ধৰি কেন্দ্রীয় গৃহ মন্ত্রালয় আন বিভিন্ন কামত ব্যস্ত হৈ আছে৷ যাৰ বাবে এই অতিৰিক্ত সময় বিচাৰি আবেদন কৰা হৈছে৷ শীঘ্রে নাগৰিকত্ব সংশোধনী আইনৰ বিধি চূড়ান্ত কৰা হ’ব৷ উল্লেখ্য যে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্থানত ধর্মীয় নির্যাতনৰ বলি হৈ ভাৰতত আশ্রয় লোৱা সংখ্যালঘু লোকসকলক এই আইনৰ অধীনত নাগৰিকত্ব প্রদান কৰা হ’ব৷ এই লোকসকলক নাগৰিকত্ব প্রদানৰ ক্ষেত্রত কি কি বিষয় বিবেচনা কৰা হ’ব, সেয়া আইনখনৰ বিধিত সন্নিৱিষ্ট কৰা হ’ব৷ যাৰ অধীনত সংশ্লিষ্ট নথি–পত্র আৰু যোগ্যতা অনুসৰি উক্ত তিনিখন দেশৰ পৰা অহা লোকসকলক নাগৰিকত্ব প্রদান কৰা হ’ব৷

You might also like