ইউ এ ইত মহিলা আইপিএলৰো আয়োজন কৰিব ব’র্ডে
নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ ঐশ্বর্যশালী টি–২০ লীগ আই পি এলৰ সমান্তৰালকৈ ইউ এ ইত অনুষ্ঠিত হ’ব মহিলাৰ আই পি এল৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ মুৰব্বী সৌৰভ গাংগুলীয়ে আই পি এলৰ গৱর্নিং কাউঞ্চিলৰ বৈঠকৰ পূর্বে এই কথা ঘোষণা কৰে৷ তেওঁ কয় যে পুৰুষৰ আই পি এলৰ সমান্তৰালকৈ মহিলা আই পি এল আয়োজনৰ পৰিকল্পনা অব্যাহত আছে৷ একেদৰে ভাৰতীয় মহিলা দলটোৰ বাবে এক শিবিৰ আয়োজনৰো চিন্তা–চর্চা চলি আছে৷ ‘মই আপোনালোকক নিশ্চয়তা দিব বিচাৰোঁ যে মহিলা আই পি এলৰ পৰিকল্পনা আমি বাতিল কৰা নাই৷ এই চিন্তা–চর্চা অব্যাহত আছে আৰু ইউ এ ইত আই পি এলৰ সমান্তৰালকৈ মহিলাৰ চেলেঞ্জাৰ ছিৰিজ অর্থাৎ মহিলাৰ আই পি এল আয়োজনৰ পূর্ণ সম্ভাৱনা আছে৷’ গাংগুলীয়ে এইদৰে কয়৷
ইফালে, ব’ডৰ এক সূত্রই সদৰী কৰা অনুসৰি মহিলাৰ আই পি এল ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব৷ প্রতিযোগিতাখনৰ পূর্বে মহিলা ক্রিকেটাৰসকলৰ বাবে শিবিৰৰো আয়োজন কৰা হ’ব৷ ভাৰতীয় মহিলা দলটোৱে অহা বর্ষৰ আৰম্ভণিতে এদিনীয়া বিশ্বকাপত অংশ লোৱাৰ পূর্বে দক্ষিণ আফ্রিকা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সীমিত অ’ভাৰ শৃংখলা খেলাৰ সুযোগ পাব বুলিও ব’ডৰ সূত্রটোৱে উল্লেখ কৰে৷ ইফালে, ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে মহিলা আই পি এল আৰু ৰাষ্ট্রীয় শিবিৰ আয়োজন কৰিব বুলি ঘোষণা কৰাৰ পিছতে এই সিদ্ধান্তক আদৰণি জনাইছে এদিনীয়া দলৰ অধিনায়িকা মিথালী ৰাজে৷ ইয়াৰ বাবে তেওঁ ব’ডৰ মুৰব্বী সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহক ধন্যবাদ জ্ঞাপন কৰে৷ মহিলা ক্রিকেটাৰ পুনম যাদৱেও টুইটাৰত কৈছে যে এয়া ভাৰতীয় মহিলা ক্রিকেটৰ বাবে সু–সংবাদ৷ উল্লেখ্য যে ভাৰতত মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে বি চি চি আয়ে আই পি এল অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ ইউ এ ইত আয়োজনৰ সিদ্ধান্ত লৈছে৷