বিশিষ্ট লেখক ড০ আনন্দ বৰমুদৈ নৃত্যশিল্পী সোণালী আচার্য পজিটিভ
নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ মহামাৰী ক’ৰোনাত হাৰ মানি পুনৰ ৪গৰাকী লোকে প্রাণ হেৰুৱালে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে এই কথা প্রকাশ কৰিছে৷ তেওঁলোক হৈছে– কৰিমগঞ্জৰ মৃদুলা ঘোষ (৫৪), কামৰূপ মেট্র’ৰ তিলক চন্দ্র দাস (৫০), তিনিচুকীয়াৰ শান্তা সৰকাৰ (৬২) আৰু যোৰহাটৰ সমীৰ ফুকন (৫২)৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই চাৰিওগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷
ইপিনে, দিনটোত ৰাজ্যখনত মুঠ ১,১৭৮গৰাকী লোক ক’ৰোনাত আক্রান্ত হয়৷ ইয়াৰে ২৬৮গৰাকী গুৱাহাটী মহানগৰীৰ৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ১৯,৯৪৩গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৫.৯১ শতাংশ৷ মন কৰিবলগীয়া এয়ে যে গুৱাহাটী মহানগৰীত প্রশাসনে এপার্টমেণ্টসমূহত গৈ নমুনা পৰীক্ষাৰ কাম আৰম্ভ কৰিছে৷ইফালে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ৯৪২গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ এতিয়ালৈ মুঠ ৩২,৩৮৪গৰাকী লোক সুস্থ হৈ হাস্পতালৰ পৰা ঘৰলৈ উভতিছে৷
এতিয়ালৈ অসমত আক্রান্ত মুঠ ৪২,৯০৪গৰাকী লোকৰ ভিতৰত বর্তমান ১০,৪১২গৰাকী লোক বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে৷ অসমত এতিয়ালৈ ক’ভিডত আক্রান্ত হৈ মুঠ ১০৫গৰাকী লোকৰ মৃত্যু হৈছে৷ ইফালে, বিশিষ্ট শিক্ষাবিদ, লেখক, সমালোচক ড০ আনন্দ বৰমুদৈও ক’ৰোনাত আক্রান্ত হৈছে৷ লগতে ২৫ ঘণ্টাজুৰি একেৰাহে নৃত্যানুষ্ঠান পৰিৱেশন কৰি গীনিজ ৱর্ল্ড ৰেকর্ডত নাম সন্নিৱিষ্ট কৰা নৃত্যশিল্পী সোণালী আচার্য ক’ভিডত আক্রান্ত হৈছে৷ তেওঁ বর্তমান হায়দৰাবাদত চিকিৎসাধীন হৈ আছে৷ নৃত্যশিল্পীগৰাকীৰ ঘৰ হাইলাকান্দিত৷