নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ক’ভিড–১৯ৰ গণ সংক্রমণ নহয়, স্থানীয় সংক্রমণহে হৈছে: ড০ শর্মা

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ  উদ্বেগজনকভাৱে তেজপুৰকে ধৰি সমগ্র শোণিতপুৰ জিলাখনত বৃদ্ধি হৈছে ক’ভিড–১৯ৰ স্থানীয় সংক্রমণ৷ শোণিতপুৰ জিলাত এতিয়া অসমৰ ভিতৰতে সংক্রমণৰ হাৰ সর্বাধিক৷ এই হাৰ দিনক দিনে বৃদ্ধি পাই এতিয়া ১৪ শতাংশ হৈছেগৈ বুলি  তেজপুৰত মন্তব্য কৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কামৰূপ মহানগৰত ৪.৫ শতাংশ আৰু ডিব্রুগড জিলাত ক’ভিড ৰোগীৰ সংখ্যা দহ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে শোণিতপুৰত এই হাৰ ১৪ শতাংশলৈ বৃদ্ধি পোৱাটো চিন্তাৰ বিষয় বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্রী ড০ শর্মাই ডিব্রুগডৰ উপায়ুক্তই ইতিমধ্যে ডিব্রুগড নগৰ লকডাডনৰ বাবে প্রেৰণ কৰা প্রস্তাৱ চৰকাৰৰ বিবেচনাধীন বুলি জানিবলৈ দিয়ে

আনহাতে পর্যাপ্ত পৰীক্ষণৰ ব্যৱস্থাৰ অবিহনে লকডাডনৰ ব্যৱস্থা অর্থহীন বুলি কৈ মন্ত্রীগৰাকীয়ে শোণিতপুৰ জিলাৰ ক্ষেত্রত উপায়ুক্তকপর্যাপ্ত পৰীক্ষণৰ ব্যৱস্থা গ্রহণৰ পিছতহে তেনে সিদ্ধান্ত গ্রহণৰ পৰামর্শ আগবঢ়ায়৷ উল্লেখ্য যে তেজপুৰস্থিত শোণিতপুৰ জিলা ডপায়ুক্ত কার্যালয়ৰ সন্মিলন কক্ষত সাংসদ পল্লৱলোচন দাস, বিধায়ক গণেশ লিম্বু, বৃন্দাবন গোস্বামী, পদ্ম হাজৰিকা, ডপায়ুক্ত মানৱেন্দ্র প্রতাপ সিঙৰ লগতে জিলা আৰু আৰক্ষী প্রশাসন, স্বাস্থ্য বিভাগৰ ডচ্চপদস্থ বিষয়াৰ উপস্থিতিত  স্বাস্থ্যমন্ত্রীগৰাকীয়্ জিলাখনত ডদ্ভৱ হোৱা ক’ভিড সম্পক্য় পৰিস্থিতিৰ বুজ লয়৷ এই পর্যালোচনা সভাত সংশ্লিষ্ট বিষয়ববীয়া আৰু জনপ্রতিনিধিসকলৰ্ মতামত গ্রহণ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ ক’ভিড সংক্রমণ ৰোধ আৰু চিকিৎসা সম্পক্য় কেতবোৰ পৰামর্শ আগবঢ়ায়৷

ইয়াৰ পিছতেই উপায়ুক্ত কার্যালয় চৌদহত আয়োজিত এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত ক’ৰোনা ভাইৰাছে গণ সংক্রমণ নহয়, স্থানীয় সংক্রমণৰহে ৰূপ ধাৰণ কৰিছে৷ সেয়েহে স্থানভেদে ক’ভিড সম্পক্য় ব্যৱস্থা পৃথকে গ্রহণ কৰা হৈছে৷ প্রসংগক্রমে স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে সম্প্রতি ত্রাসৰ সৃষ্টি কৰা ক’ভিড–১৯ত আক্রান্ত হৈ আৰোগ্য হোৱা পৰিসংখ্যাৰ ক্ষেত্রত দেশৰ ভিতৰতে অসমৰ স্থান পঞ্চমত৷ ক’ভিড পৰীক্ষণৰ ক্ষেত্রত দেশৰ ভিতৰত চতুর্থ স্থানত থকা অসমত আন আন সৰু ৰাজ্যক বাদ দি মৃত্যুৰ হাৰ আটাইতকৈ কম৷ ৰাজ্যখনত অব্যাহত থকা ৰেপিড এণ্টিজেন টেষ্টিং ব্যৱস্থা অধিক ব্যাপক কৰা হৈছে৷ ফলত অহা ১৫ দিনৰ ভিতৰত ৰাজ্যত ক’ভিড ৰোগত আক্রান্তসকলক চিনাক্ত কৰাৰ পিছত ক্রমান্বয়ে ই নিয়ন্ত্রণাধীন হ’ব বুলি আশা কৰা হৈছে৷

ৰাজ্যখনৰ বর্তমানলৈ ১০১গৰাকী লোক ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱাৰ সন্দর্ভত মন্ত্রীগৰাকীয়ে কয় যে এই ১০১গৰাকী লোকৰ একাংশৰ দেহত আন ৰোগ থাকিলেও মূলতঃ ক’ৰোনা ভাইৰাছত আক্রান্ত হৈয়ে মৃত্যুক সাবটি লৈছে৷ ক’ভিড ৰোগত আক্রান্ত হৈ মৃত্যুবৰণ কৰিছে নে নাই ইয়াৰ বাবে এখন বিশেষ সমিতিয়ে নির্ধাৰণ কৰি নিশ্চিত কৰে৷ ক থা প্রসংগত শোণিতপুৰত ব্যাপক হাৰত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি আৰু ডত্তৰপৰীয়া ৰাইজৰ সুবিধার্থে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৬খন বিছনাযুক্ত আই চি ইডৰ ব্যৱস্থা কৰাৰ লগতে পৰোৱাস্থিত ক’ভিড চিকিৎসালয়ত ১৫খন বিছনাযুক্ত আই চি ইডৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে৷ শোণিতপুৰত অনাগত দিনত ক’ভিড ৰোগীৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি হ’লে ডেকা ৰোগীসকলক সোণাপুৰ, গুৱাহাটী আদি স্থানলৈ প্রেৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব৷

You might also like