নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন উলংঘাৰে গড়চুক–লখৰা–কটা পাচলিৰ ব্যৱসায় ; প্রতিদিনে ৫০ হাজাৰ গুণ্ডাকৰ সংগ্রহ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ  বিশ্বজুৰি মহামাৰী ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে কঠোৰ নীতি–নির্দেশনা জাৰি কৰিছে৷ বিশেষকৈ গুৱাহাটীত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা গণসংক্রমণ ৰোধৰ বাবে চৰকাৰে মহানগৰীখনত কঠোৰ লকডাউন ঘোষণা কৰিছে৷ গণসংক্রমণ ৰোধৰ বাবে কঠোৰ লকডাউনৰ উপৰি চৰকাৰে ঘোষণা কৰা সাপ্তাহিক লকডাউন আৰু সান্ধ্য আইন বলৱৎ আছিল গুৱাহাটী মহানগৰীত৷ কিন্তু গুৱাহাটীৰ বিভিন্ন স্থানত একাংশ লোকে লকডাউন উলংঘাৰে ব্যৱসায় চলাই অহা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ লকডাউনৰ সময়ছোৱাত স্বাস্থ্য বিভাগৰ নীতি–নির্দেশনা উলংঘাৰে মহানগৰীৰ লখৰা, গড়চুক, কটাহবাৰী, পাণ্ডু, মালিগাঁও আদিকে ধৰি বিভিন্ন স্থানত মুকলিকৈ পাচলিৰ ব্যৱসায় চলাই অহা পৰিলক্ষিত হৈছে৷

ৰাইজৰ অভিযোগ অনুসৰি গড়চুক থানাৰ আৰক্ষীক মেনেজ কৰি লখৰা, গড়চুক, কটাহবাৰীত বিগত এমাহ ধৰি লকডাউন উলংঘাৰে পাচলিৰ মুকলি ব্যৱসায় চলাই আহিছে অসাধু ব্যৱসায়ীয়ে৷ গড়চুক থানাৰ আৰক্ষীৰ ছত্রছায়াত লখৰা আৰু গড়চুকৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত পুৱা ৪ বজাৰ পৰা ৮০ৰ পৰা ১০০খন পাচলিৰ গাড়ী লৈ নীতি–নির্দেশনা উলংঘাৰে ব্যৱসায় চলাই আহিছে৷ সান্ধ্য আইনৰ মাজতে গড়চুক থানা এলেকাত পাচলিৰ ব্যৱসায় চলোৱাৰ নামত আৰক্ষীয়ে প্রতিদিনে প্রায় ৫০ হাজাৰ টকা গুণ্ডাকৰ হিচাপে সংগ্রহ কৰি অহাৰো অভিযোগ কৰিছে স্থানীয় ৰাইজে৷ চৰকাৰী নীতি–নির্দেশনা উলংঘাৰে গড়চুক থানা চাৰিআলিত পুৱা ৪ বজাৰ পৰা ১০ বজালৈ ব্যৱসায় চলোৱাৰ অনুমতি কেনেদৰে লাভ কৰিলে বুলিও স্থানীয় ৰাইজে প্রশ্ণ উত্থাপন কৰিছে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি গড়চুক থানাৰ আৰক্ষী আৰু যান–বাহন শাখাৰ আৰক্ষীয়ে নিয়মীয়াকৈ এই পাচলিৰ ব্যৱসায়ীসকলৰ পৰা ৫০০ৰ পৰা ১০০০ টকা গুণ্ডাকৰ হিচাপে সংগ্রহ কৰি আহিছে৷ প্রতিদিনে এই ব্যৱসায়ীসকলৰ পৰা গুণ্ডাকৰ হিচাপে গড়চুক থানাৰ আৰক্ষীয়ে সংগ্রহ কৰা ফলতেই স্বাস্থ্য বিভাগ আৰু চৰকাৰী নীতি–নির্দেশনা উলংঘা কৰি ব্যৱসায়ীসকলে মুকলিকৈ ব্যৱসায় চলাইছে৷ গড়চুক থানাৰ কৰুণা কলিতা নামৰ এগৰাকী কনিষ্টবলে মধ্যস্থতাকাৰীৰ ভূমিকাত অৱতীর্ণ হৈ এই ব্যৱসায়ীসকলক ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত ব্যৱসায় চলোৱাৰ অনুমতি প্রদান কৰি আহিছে৷ উচ্চ পদস্থ আৰক্ষী বিষয়াৰ আশীর্বাদপুষ্ট কৰুণা কলিতাৰ মধ্যস্থতাত গড়চুক, লখৰা, কটাহবাৰীত স্বাস্থ্য বিভাগৰ নির্দেশনা উলংঘাৰে চলাই অহা এই ব্যৱসায়ৰ ফলত গুৱাহাটী মহানগৰীত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ গড়চুক থানাৰ ছত্রছায়াত চলি থকা অবৈধ বজাৰকেইখন বন্ধ কৰাৰ ক্ষেত্রত চৰকাৰ প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like