নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰত গুৱাহাটীত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে-নৰেন্দ্ৰ মোদীৰ বৈঠক

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ অসম তথা উত্তৰ-পূবৰ ৰাজ্যসমূহক বিশ্ব মানচিত্ৰত তুলি ধৰাৰ লক্ষ্যৰে অহা ডিচেম্বৰ মাহৰ মাজভাগত গুৱাহাটীত অনুষ্ঠিত হ’ব ইণ্ডো-জাপানিজ বাৰ্ষিক শীৰ্ষ সন্মিলন । এই সন্মিলনক লৈয়ে এতিয়া নতুন দিল্লীৰ লগতে ব্যস্ততা বাঢ়িছে অসম চৰকাৰৰ । কিয়নো শীৰ্ষ সন্মিলনখনত যোগদানৰ বাবে গুৱাহাটীত উপস্থিত হ’ব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুখন দেশৰ দুয়োগৰাকী শীৰ্ষ নেতাৰ আগমনক লৈয়ে এতিয়া ৰাজ্যৰ গৃহ বিভাগৰ লগতে চোৰাংচোৱা সংস্থাৰো বাঢ়িছে তৎপৰতা । ৰাজ্যচৰকাৰৰ সূত্ৰ অনুসৰি জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমনৰ দিন এই পৰ্যন্ত স্থিৰ হোৱা নাই যদিও ডিচেম্বৰৰ মাজভাগতে এই সন্মিলনখন অনুষ্ঠিত হোৱাৰ সম্ভৱনা স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে । উল্লেখ্য যে জাপান আৰু ভাৰতৰ মাজত ইতিপূৰ্বে সম্পাদিত হোৱা চুক্তি সমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰতি বছৰে দজুয়োখন দেশত অনুষ্ঠিত হয়একোখন বাৰ্ষিক শীৰ্ষ সন্মিলন । এইবাৰ এই গুৱাহাটীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই বাৰ্ষিক শীৰ্ষ সন্মিলনখনৰ বাবে আগতীয়াকৈ গুৱাহাটীত উপস্থিত হ’ব দুয়োখনৰ দেশৰ প্ৰতিনিধিসকল ।

You might also like