নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃদ্ধি পাইছে কানাডা আমেৰিকাৰ মতানৈক্য, এলুমিনিয়াম সামগ্রীৰ ওপৰত কৰ আৰোপ

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ কানাডা আৰু আমেৰিকাৰ মাজত সৃষ্টি হৈছে মতানৈক্য৷ প্রতিৱেশী কানাডাৰ বিভিন্ন এলুমিনিয়াম সামগ্রীৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ১০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতে কানাডাই অনুৰূপ সিদ্ধান্ত গ্রহণ কৰিছে৷

ৰাষ্ট্রপতি ট্রাম্পৰ এই কার্যৰ প্রতিশোধ হিচাপে কানাডাই আজি আমেৰিকান এলুমিনিয়াম সামগ্রীৰ ওপৰত আৰোপ কৰিছে ২৭০ কোটি ডলাৰ কৰ৷ স্মর্তব্য যে যোৱা বছৰ কানাডা আৰু আমেৰিকাই তীখা তথা এলুমিনিয়াম সামগ্রী আমদানিৰ ক্ষেত্রত কৰ প্রত্যাহাৰৰ সিদ্ধান্ত লৈছিল৷

ৰাষ্ট্রীয় নিৰাপত্তাৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়েই দুয়োখন দেশ এইক্ষেত্রত সহমতত উপনীত হৈছিল৷ কিন্তু ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে আমেৰিকাৰ উদ্যোগবোৰৰ সুৰক্ষাৰ স্বার্থত বৃহস্পতিবাৰে কানাডাৰ এলুমিনিয়াম সামগ্রীৰ ওপৰত শুল্ক আৰোপ কৰাৰ লগে লগে ক্ষুব্ধ হৈ পৰে কানাডা চৰকাৰ৷

You might also like