নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত সাম্প্রদায়িক সংঘর্ষৰ ষড়যন্ত্র আইএছআইৰ

ৰাম মন্দিৰৰ ভূমি পূজনৰ পাছতে লক্ষ্ণৌ–দিল্লীৰ জনসাধাৰণলৈ উচটনিমূলক ফোনকল

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ  অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ ভূমি পূজনৰ পাছতে ভাৰতত সাম্প্রদায়িক সংঘর্ষ সৃষ্টি কৰিবলৈ ষড়যন্ত্র অব্যাহত ৰাখিছে কুখ্যাত পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআয়ে৷ শেহতীয়াকৈ ভি’আইপি (ভইচ অভাৰ ইণ্টাৰনেট প্রট’কল)ৰ জৰিয়তে আইএছআয়ে লক্ষ্ণৌৰ জনসাধাৰণৰ মাজত সন্ত্রাসমূলক উচটনি দিয়াৰ তথ্য লাভ কৰিছে চোৰাংচোৱাই৷ উল্লেখনীয় যে ডুবাই আৰু অষ্ট্রেলিয়াৰ নম্বৰৰ পৰা এই ভি’আইপি কল কৰা হৈছে৷ এই ফোনকল সন্ত্রাসবাদক উচটনি দিয়াৰ বক্তব্য শুনিবলৈ পোৱা গৈছে৷ এই তথ্য লাভ কৰাৰ পাছতে ইতিমধ্যে এক অভিযোগ দাখিল হৈছে আদালতত৷ লক্ষ্ণৌৰ হজৰতগঞ্জ আৰক্ষী থানাত এজাহাৰ ৰুজু কৰি আৰক্ষীয়ে উত্তৰ প্রদেশত যাতে সাম্প্রদায়িক সম্প্রীতিৰ ক্ষেত্রত দুষৃকতিকাৰীয়ে বাধাৰ সৃষ্টি কৰিব নোৱাৰে, সেই বিষয়ত গুৰুত্ব আৰোপ কৰিছে৷ অকল লক্ষ্ণৌতেই নহয়, দেশৰ ৰাজধানী দিল্লীতো জনসাধাৰণে অনুৰূপ ফোনকল লাভ কৰিছে আন্তর্জাতিক ফোন নম্বৰৰ পৰা৷ এই ফোনকলসমূহত কেৱল ৰাম মন্দিৰ বিষয় লৈ প্রৰোচনামূলক মন্তব্য আৰু ১৫ আগষ্টত লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ কার্যসূচী বিঘ্ণিত কৰাৰ আহ্বান শুনিবলৈ পোৱা গৈছে৷ এয়া আইএছআইৰ কার্য বুলি ইতিমধ্যে ভাৰতীয় চোৰাংচোৱা সংস্থাই দাবী কৰিছে৷ কাৰণ পূর্বেও আইএছআয়ে অনুৰূপ ফোনকলেৰে দেশত অস্থিৰতা সৃষ্টি কৰাৰ ষড়যন্ত্র ৰচিছিল৷

You might also like