আজাৰাত চৰকাৰী নীতি উলংঘাৰে ব্যৱসায়িক প্রতিষ্ঠান মুকলি
নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ ৰাজ্যজুৰি ক’ভিড–১৯ৰ সংক্রমণে গণ ৰূপ ধাৰণ কৰিছে যদিও ৰাজ্য চৰকাৰে জনসাধাৰণৰ প্রাত্যহিক জীৱনৰ প্রতি লক্ষ্য ৰাখি আনলক–৩ নিষেধাজ্ঞা জাৰি কৰিছিল৷ আনলক–৩ নিষেধাজ্ঞাত প্রায় ক্ষেত্রতে শিথিলতা দিয়া হৈছে যদিও শনিবাৰে আৰু দেওবাৰে ৰাজ্যজুৰি দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান, বজাৰ আদি বন্ধ ৰখাৰ বাবে কঠোৰ নির্দেশ দিছে৷ একেদৰে সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা সাত বজাৰ পৰা বিয়লি পাঁচ বজালৈ দোকান–পোহাৰ, বজাৰ আদি খোলা ৰাখিব পাৰিব৷ কিন্তু মহানগৰীৰ আজাৰা থানা এলেকাত ইয়াৰ বিপৰীত প্রতিচ্ছবিহে দেখা পোৱা যায়৷ ৰাজ্য চৰকাৰৰ কঠোৰ নিষেধাজ্ঞাৰ পাছতো আজাৰা থানা এলেকাত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিতে শনিবাৰ, দেওবাৰেও খোলা থাকে টায়াৰৰ দোকান, গাড়ী ছার্ভিচিং চেণ্টাৰ, পাণ দোকান, গেলামাল দোকান, চাহ দোকান আদিৰ উপৰি পথৰ দাঁতিতে চলি থাকে পাচলিৰ বজাৰ৷ আনহাতে, থানা এলেকাৰ ভিতৰুৱা অঞ্চলবোৰত থকা প্রায়বোৰ দোকানেই সপ্তাহৰ সাতোদিনেই খোলা থাকে৷ আজাৰা থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীৰ দায়িত্বজ্ঞানহীনতা তথা প্রশাসনিক শিথিলতাৰ বাবেই ৰাজ্য চৰকাৰৰ কঠোৰ নির্দেশনা আজাৰা এলেকাত ৰূপায়ণ হোৱা নাই বুলি সচেতন লোকসকলে মত ব্যক্ত কৰিছে৷ মন কৰিবলগীয়া যে আজাৰা ৰাজহ চক্র এলেকাত দৈনিক ক’ভিড–১৯ ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা লোকৰ সংখ্যা প্রতিদিনে বৃদ্ধি পাই আহিছে৷ তেনেস্থলত ৰাজ্য চৰকাৰৰ কঠোৰ নির্দেশনা উলংঘা কৰি অনৈতিকভাৱে চলাই থকা ব্যৱসায়ীৰ দৌৰাত্ম্যৰ বাবে আজাৰা এলেকাত ক’ৰোনা সংক্রমণে মাৰাত্মক ৰূপ লোৱাৰ সম্ভাৱনা আছে৷ যাৰ বাবে এইক্ষেত্রত শীঘ্রে বিহিত ব্যৱস্থা গ্রহণৰ বাবে জিলা উপায়ুক্ত আৰু মহানগৰ আৰক্ষী আয়ুক্তক দাবী জনাইছে সচেতন লোকসকলে৷