নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ আশ্বাস মোদীৰ

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেঞ্চযোগে অসমসহ দেশৰ ৬খন ৰাজ্য ক্রমে বিহাৰ, মহাৰাষ্ট্র, কেৰালা, কর্ণাটক আৰু উত্তৰ প্রদেশৰ শেহতীয়া বান পৰিস্থিতিৰ পর্যালোচনা কৰে৷ ৰাজ্যকেইখনৰ মুখ্যমন্ত্রীসকলৰ পৰা শেহতীয়া বানত হোৱা ক্ষয়–ক্ষতি আৰু ইয়াৰ মোকাবিলা কৰাৰ ক্ষেত্রত ৰাজ্যসমূহে গ্রহণ কৰা ব্যৱস্থাৱলীৰ বুজ লৈ প্রধানমন্ত্রী মোদীয়ে কয় যে এই বছৰ বহুকেইখন ৰাজ্যত স্বাভাৱিক পৰিমাণতকৈ অধিক মাত্রাত বৰষুণ হোৱাৰ ফলত দেশৰ এক বৃহৎ অংশ বানৰ কবলত পৰিছে৷ এই দুর্যোগত প্রাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবর্গৰ প্রতি গভীৰ সমবেদনা জ্ঞাপন কৰি প্রধানমন্ত্রী মোদীয়ে পুনৰ কয় যে তেওঁ প্রত্যক্ষভাৱে বান প্রভাৱিত আটাইকেইখন ৰাজ্য ভ্রমণ কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে ইচ্ছুক আছিল যদিও সাম্প্রতিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত সেয়া সম্ভৱ হৈ নুঠিল৷ এই ভয়াৱহ দুর্যোগৰ সন্মুখীন হোৱা ৰাজ্যসমূহৰ সৈতে কেন্দ্রীয় চৰকাৰে সম্পূর্ণ সহযোগিতাৰে সাহায্য আৰু উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াই আহিছে৷ ৰাজ্যসমূহৰ মাজৰ পাৰস্পৰিক সহযোগিতাই এই জটিল পৰিস্থিতি প্রশমনত যথেষ্ট সহায় কৰিছে৷ মুঠ ভূখণ্ডৰ ১২ শতাংশই বান–গৰাখহনীয়াৰদ্ প্রভাৱিত হোৱা ভাৰতৰ দৰে দেশত এনে দুর্যোগসমূহত ধন–জনৰ ক্ষয়–ক্ষতি হ্রাস কৰাটো সুনিশ্চিত কৰাৰ বাবে প্রযুক্তিৰ সর্বোৎকৃষ্ট ব্যৱহাৰেৰে বান, খহনীয়া, ভূমিস্খলন, ধুমুহা–বা মাৰলী, বজ্রপাতৰ দৰে প্রাকৃতিক দুর্যোগৰ সঠিক আগজাননী প্রদানৰ ব্যৱস্থা শক্তিশালী কৰি তুলিব লাগিব বুলিও তেওঁ মত প্রকাশ কৰে৷ আজিৰ বৈঠকত মুখ্যমন্ত্রীসকলে আগবঢ়োৱা পৰামর্শসমূহ গুৰুত্ব সহকাৰে লৈ অগ্রাধিকাৰ ভিত্তিত কেন্দ্রীয় চৰকাৰে প্রয়োজনীয় কার্যব্যৱস্থা গ্রহণ কৰিব বুলি প্রধানমন্ত্রী মোদীয়ে আশ্বাস দিয়ে৷

বৈঠকত ভাগ লৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি আৰু ইয়াৰ ফলত হোৱা ক্ষয়–ক্ষতিৰ বিষয়ে প্রধানমন্ত্রী মোদীক বিশদভাৱে অৱগত কৰে৷ তেওঁ কয় যে ৰাজ্যৰ ৩০খন জিলাই প্রভাৱিত হোৱা এইবাৰৰ বানত ১৫৮গৰাকী লোকে প্রাণ হেৰুৱাব লগা হোৱাৰ লগতে ধন–জনৰ ব্যাপক ক্ষয়–ক্ষতি হৈছে৷ ৰাজ্যৰ বিস্তৃত এলেকাৰ কৃষিভূমিৰ শস্য বিনষ্ট হৈছে, বহুসংখ্যক পশুধন মৃত্যুমুখত পৰিছে৷ এইবাৰৰ বানত ৰাজ্যখনৰ পথ, দলং, বিদ্যালয়, অংগনৱাডী কেন্দ্র আদি ৰাজহুৱা আন্তঃগাঁথনিৰো বিস্তৰ ক্ষতি হোৱাৰ কথা উল্লেখ কৰি ইয়াৰ পুনৰুজ্জীৱিতকৰণৰ্ কাৰণে প্রয়োজনীয় সহযোগিতা আগবঢ়াবলৈ তেওঁ প্রধানমন্ত্রী মোদীক অনুৰোধ জনায়৷ ৰাজ্যখনে সন্মুখীন হোৱা এই দুর্যোগৰ মুহূর্তত প্রথমৰে পৰা টেলিফোনযোগে পৰিস্থিতিৰ বুজ লৈ থকাৰ বাবে প্রধানমন্ত্রী মোদীক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে দুর্যোগ সাহায্য প্রশমন পুঁজিৰ অধীনত কেন্দ্রীয় চৰকাৰে তাৎক্ষণিকভাৱে মুকলি কৰি দিয়া ৩৮৬ কোটি টকাই ৰাজ্যৰ বান ব্যৱস্থাপনাৰ ক্ষেত্রত যথেষ্ট সহায়ক হৈছে৷ বান–খহনীয়াত প্রাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ৰ বাবে ২ লাখ টকাৰ এককালীন সাহায্য অনুমোদন কৰাৰ বাবেও তেওঁ প্রধানমন্ত্রী মোদীক ধন্যবাদ জ্ঞাপন কৰে৷ উত্তৰ–পূবৰ দীর্ঘদিনীয়া বান–খহনীয়া সমস্যাৰ বিজ্ঞানসন্মত আৰু স্থায়ী সমাধানৰ বাবে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ বাবেও তেওঁ প্রধানমন্ত্রী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে৷ অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে আজিৰ বৈঠকত বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ, কেৰালাৰ মুখ্যমন্ত্রী পি বিজয়ন, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ আৰু মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰে তথা কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডিয়ুৰাপ্পাৰ হৈ ৰাজ্যখনৰ গৃহমন্ত্রীগৰাকীয়ে সংশ্লিষ্ট ৰাজ্যসমূহৰ বান পৰিস্থিতিৰ সবিশেষ প্রধানমন্ত্রী মোদীক অৱগত কৰে৷ বৈঠকৰ আৰম্ভণিতে কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই এক প্রেজেণ্টেচনযোগে উল্লেখিত ৬খন ৰাজ্যৰ বান পৰিস্থিতিৰ এক চমু বিৱৰণ দাঙি ধৰে৷

কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে আঁত ধৰা এই পর্যালোচনা বৈঠকত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ড০ হর্ষ বর্ধনৰ লগতে কেন্দ্রীয় কেবিনেট সচিবকে ধৰি বিভিন্ন মন্ত্রালয়ৰ শীর্ষ বিষয়াসকল, ৰাজ্যসমূহৰ মুখ্য সচিবসকল আৰু এন ডি আৰ এফৰ শীর্ষ বিষয়ববীয়াসকল উপস্থিত থাকে৷ মুখ্যমন্ত্রীৰ চৰকাৰী আৱাসৰ পৰা অংশগ্রহণ কৰা এই ভিডিঅ’ কনফাৰেঞ্চত মুখ্যমন্ত্রী সোণোৱালৰ লগতে জলসম্পদ মন্ত্রী কেশৱ মহন্ত, মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, অতিৰিক্ত মুখ্য সচিবদ্বয় জিষ্ণু বৰুৱা আৰু চৈয়দ্দিন আব্বাছী, ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ মুখ্য কার্যবাহী বিষয়া এম এছ মণিৱন্নন, মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়া আৰু মুখ্যমন্ত্রীৰ বিশেষ আয়ুক্ত ৰঞ্জন চক্রৱর্তীও উপস্থিত থাকে৷

You might also like