নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাস্পতালত স্বাস্থ্যৰ অৱনতি মুখার্জীৰ

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ দেশৰ ৰাজধানী নতুন দিল্লীস্থিত সেনাৰ ৰিছার্চ এণ্ড ৰেফাৰেল (আৰ এণ্ড আৰ) হাস্পতালত মগজুৰ অস্ত্রোপচাৰৰ পাছত ভেণ্টিলেটৰত চিকিৎসাধীন হৈ থকা প্রাক্তন ৰাষ্ট্রপতি ভাৰতৰত্ন প্রণৱ মুখার্জীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে৷ হাস্পতালখনৰ বিশেষজ্ঞ চিকিৎসকে এক প্রেছ বিবৃতিত সদৰী কৰা অনুসৰি আগন্তুক ২৪ ঘণ্টা মুখার্জীৰ বাবে অতি জটিল সময় হিচাপে চিহ্ণিত হ’ব৷

ক’ভিড–১৯তো আক্রান্ত প্রণৱ মুখার্জীৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনা কৰিছে অসংখ্য গুণমুগ্ধই৷ ইফালে, ৮৪ বছৰীয়া মুখার্জীৰ আশু আৰোগ্য কামনা কৰি নেতাগৰাকীৰ পশ্চিমবংগৰ বীৰভূম জিলাৰ জন্মগাঁও মিৰাটিত স্থানীয় বাসিন্দাসকলে আজিৰে পৰা আয়োজন কৰিছে তিনিদিনীয়া বিশেষ প্রার্থনা৷ নেতাগৰাকীয়ে যাতে হাস্পতালৰ পৰা সুস্থ হৈ শীঘ্রে ঘৰলৈ উভতিব পাৰে, সেই কামনা কৰিয়েই জন্মগাঁও মিৰাটিত পূজা–র্চনাও আগবঢ়োৱা হৈছে৷ উল্লেখনীয় যে ইণ্ডিয়া টুডে’ টিভিৰ সৈতে হোৱা বার্তাপালত পূজাৰী ৰবি চেটার্জীয়ে কির্ণাহাৰৰ শিৱ মন্দিৰত মুখার্জীৰ আশু আৰোগ্য কামনা কৰি বিশেষ পূজাৰ আয়োজন কৰা বুলিও মন্তব্য কৰিছে৷

You might also like