মৃত্যু পিছতো জীয়াই ৰাখিলে পত্নীক কিন্তু কেনেকৈ…
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ ছ’চিয়েল মিডিয়াত যোৱা কালিৰ পৰা এখন ফটো বহুত ভাইৰেল হৈছে। বহুজনে মন্তব্য কৰিছে আধুনিক যুগৰ তাজমহল সৃষ্টি কৰোতা বুলি। প্ৰশংসাৰে উপচাইছে পেলাইছে বহু জনে। কিন্তু কি আছে এই বিশেষ ফটো খনত ।
দৰাচলতে কৰ্ণাটকৰ উদ্যোগপতি শ্ৰীনিবাস গুপ্তাই নিজৰ পত্নীৰ চিলিকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি, গৃহ প্ৰৱেশ কৰিছিল। শ্ৰীনিবাসৰ পত্নীৰ মাধৱীৰ ২০১৭ চনত এক দুৰ্ঘটনাত মৃত্যু হৈছিল। যেতিয়া গৃহপ্ৰৱেশৰ অনুষ্ঠানত অতিথি সকলে মৃত পত্নীক দেখা পাই আচৰিত হৈছিল। পিছত তেওঁলোকে গম পালে যে সেইটো মূৰ্তি বুলি। মৃত মাধৱীৰ আশা আছিল যে বহুত সুন্দৰ এখন ঘৰ হ’ব লাগে বুলি। পত্নীৰ সেই সপোন বাস্তৱত ৰূপায়িত কৰিলে। কিন্তু পত্নীৰ অবিহনে গৃহ প্ৰৱেশ কৰে কেনেকৈ? সেই সমস্যাটো সমাধান কৰিলে বাংগালুৰুৰ এজন শিল্পী শ্ৰীধৰে। শ্ৰী ধৰে পত্নীৰ মূৰ্তিটো নিৰ্মাণ কৰি উলিয়ায়। মূৰ্তিটো দীৰ্ঘসময় ধৰি তিষ্ঠি থাকিবলৈ ছিলিকনৰ ব্যৱহাৰ কৰা হৈছে।
#Karnataka: Industrialist Shrinivas Gupta, celebrated house warming function of his new house in Koppal with his wife Madhavi’s silicon wax statue, who died in a car accident in July 2017.
Statue was built inside Madhavi’s dream house with the help of architect Ranghannanavar pic.twitter.com/YYjwmmDUtc
— ANI (@ANI) August 11, 2020
ছচিয়েল মিডিয়াত বহু লোকে লোক জনৰ এই কাৰ্যক প্ৰশংসাৰে উপচাই পেলাইছে। বহু লোকে মন্তব্য কৰিছে মাধৱী স্বৰ্গ বা যতেই আছে বহু সুখত আছে আৰু এনেকুৱা ভালপোৱা মানুহ কেৱল ভাগ্যৱান সকলেহে লাভ কৰে।