আঞ্চলিক মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কৃষকসকলৰ মাজত শালী ধানৰ কঠীয়া বিতৰণ By নিয়মীয়া বাৰ্তা On Aug 13, 2020 Share নিয়মীয়া বাৰ্তা, ১৩ আগষ্টঃ লাহৰীঘাট অঞ্চলত বাৰিষাৰ প্ৰলয়ংকাৰী বানৰ ফলত বহুসংখ্যক কৃষকৰ পথাৰৰ ধান পানীৰ তল যায় । যাৰ বাবে মৰিগাঁও জিলাৰ কৃষি বিভাগে লাহৰীঘাট অঞ্চলত পূৰ্বতেই সমূহীয়া কঠীয়াতলিৰ ব্যৱস্থা কৰিছিল । আজি মৰিগাঁও জিলাৰ লাহৰীঘাট কৃষি চক্রৰ কৃষক সকলৰ মাজত শালি ধানৰ সমূহীয়া কঠীয়াতলীৰ কঠীয়াসমূহ বিতৰণ কৰা হয় । অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা আঁচনি ২০২০-২১ ৰ অধীনত উন্নত জাতৰ শালীধানৰ কঠীয়া বিতৰণ কৰে লাহৰীঘাট কৃষি চক্রৰ কৃষি উন্নয়ন বিষয়া মনতৃষ্ণা ৰাজখোৱাই । কৃষি বিষয়াগৰাকীয়ে স্হানীয় গ্ৰামসেৱক আৰু কৃষকসকলৰ সৈতে কৃষি বিষয়ক এলানী আলোচনা কৰাৰ লগতে সমস্যা সমূহৰো পৰ্যালোচনা কৰে । Share