‘টেক্সমেন’ৰ সন্মুখীন নোহোৱাকৈ কৰ আদায়ৰ সুবিধা
অধিকাৰ–কর্তব্যঃ কৰদাতাৰ চনদ উন্মোচন প্রধানমন্ত্রীৰ
নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ দেশত প্রথমবাৰৰ বাবে কৰদাতাৰ চনদ প্রকাশ কৰা হ’ল৷ কৰদাতাৰ অধিকাৰ আৰু কর্তব্যৰ এই চনদ আজি ভিডিঅ’ কনফাৰেঞ্চযোগে উন্মোচন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ স্মর্তব্য যে বাজেট দাখিলৰ সময়তে কৰদাতাক সন্মান প্রদর্শন কৰি দেশত কৰদাতাৰ এখন চনদ প্রকাশৰ প্রতিশ্রুতি দিছিল কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷ এই প্রতিশ্রুতি ৰক্ষা কৰি বৃহস্পতিবাৰে প্রধানমন্ত্রী মোদীয়ে কয় যে এতিয়াৰে পৰা ‘ফেছলেছ এছেছেমেণ্ট’ৰ জৰিয়তে কৰদাতাই টেক্সমেন বা কৰ বিষয়াৰ সন্মুখীন নোহোৱাকৈ সততাৰে নিজৰ কৰ আদায় দিয়াৰ সুবিধা পাব৷ কৰদাতাৰ কষ্ট আৰু অসুবিধা দূৰ কৰিব নতুন ব্যৱস্থাই৷ চৰকাৰে এই দিশত ইতিমধ্যে চিন্তা–চর্চা কৰি পর্যায়ক্রমে পদক্ষেপ গ্রহণ কৰা বুলি উল্লেখ কৰি মোদীয়ে লগতে কয় যে জি এছ টিৰ প্রৱর্তনো হ’ল ইয়াৰে এটা অংশ৷ যিসকলে কৰ আদায় দিয়াৰ পৰা বিৰত আছে, তেওঁলোকক স্বইচ্ছাই আৰু সততাৰে কৰ আদায় দি দেশৰ প্রতি নিজৰ কর্তব্য পালন কৰাৰ বাবেও প্রধানমন্ত্রীয়ে আহ্বান জনায়৷ তেওঁ কয় যে দেশৰ ১৩০ কোটি নাগৰিকৰ মাত্র ১.৫ কোটি নাগৰিকেহে কৰ আদায় দিয়ে৷ যিসকলে কৰ ফাঁকি দিছে, তেওঁলোকৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্রহণৰ কথা চৰকাৰে গ্রহণ কৰা নাই বুলি জনাই মোদীয়ে কয়– কৰ বিভাগে ইতিমধ্যে সংগ্রহ কৰা তথ্য সম্ভৱতঃ ৰাজহুৱা কৰিবলগীয়া হ’ব পাৰে৷ ইয়াৰ ভিতৰত বিভিন্ন লেনদেনৰ তথ্যও কৰ বিভাগৰ হাতত আছে৷ তেতিয়াহে ইচ্ছাকৃতভাৱে কৰ আদায়ৰ পৰা বিৰত থকাসকলে কিমান ডাঙৰ বিপদৰ সৈতে খেলা কৰিছে বুজি পাব বুলি মোদীয়ে একপ্রকাৰ সকীয়নি দিয়ে৷ তেওঁ কয় – ‘এনে এখন বৃহৎ দেশৰ মাত্র ১.৫ কোটি মানুহে আয়কৰ আদায় দিয়ে৷ ‘আত্মনির্ভৰ ভাৰত’ৰ বাবে আমাক আত্মবিশ্লেষণৰ প্রয়োজন আছে৷ ১৫ আগষ্টলৈ আৰু দুটা দিন বাকী৷ যিসকলে দেশৰ স্বাধীনতাৰ হকে আত্মবলিদান দিলে, তেওঁলোকক স্মৰণ কৰক৷ তেতিয়াহে বুজিব হয়, ময়ো কিবা অৰিহণা আগবঢ়োৱা উচিত৷’ মোদীয়ে ‘টেন্সপাৰেণ্ট টেক্সেচন অনাৰিং দ্য অনেষ্ট’ শীর্ষক চনদখনত উল্লেখ কৰা হৈছে যে আয়কৰ বিভাগে কোনো খেলিমেলি থকাৰ প্রমাণ নোপোৱালৈকে প্রতিজন কৰদাতাক সৎ বুলি বিবেচনা কৰিব লাগিব৷