নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ টাইটেল স্পনছৰ ড্রীম–১১

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: ইউএইত অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আইপিএলৰ টাইটেল স্পনছৰ হিচাপে দায়িত্ব লাভ কৰিছে ভাৰতৰ ফেণ্টাছী গেমিং প্লেটফর্ম ড্রীম–১১এ৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে  এই কথা ঘোষণা কৰে৷

ব’ডৰ এক শীর্ষ সূত্রই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি ড্রীম–১১ আৰু বিচিচিআই তিনি বছৰৰ চুক্তিত আবদ্ধ হৈছে৷ সেই অনুসৰি ২০২২ৰ আইপিএল পর্যন্ত ভাৰতীয় কোম্পানীটোৱে আইপিএলৰ টাইটেল স্পনছৰশ্বিপৰ অধিকাৰ লাভ কৰিব৷ ড্রীম–১১এ ভাৰতৰ দুটা আগশাৰীৰ এডুকেচনেল টেকন’লজী কোম্পানী বাইজুছ আৰু আনএকাডেমীক চূড়ান্ত নিবিদাত পৰাস্ত কৰি আইপিএলৰ টাইটেল স্পনছৰশ্বিপৰ স্বত্ব লাভ কৰিবলৈ সক্ষম হয়৷ বাইজুছ কোম্পানীয়ে ২০১ কোটি আৰু আনএকাডেমীয়ে ১৭০ কোটি আদায় দিয়াৰ বিপৰীতে ড্রীম–১১এ ২২২ কোটিৰ বিনিময়ত আইপিএলৰ টাইটেল স্পনছৰশ্বিপৰ স্বত্ব অর্জন কৰে৷

বিচিচিআয়ে সদৰী কৰা অনুসৰি প্রথম বছৰত ড্রীম–১১এ ২২২ কোটি, দ্বিতীয় বছৰত ২৪০ কোটি আৰু তৃতীয় বছৰতো ২৪০ কোটি ব’ডক আদায় দিব৷ অর্থাৎ ভাৰতীয় কোম্পানীটোৱে আইপিএলৰ টাইটেল স্পনছৰশ্বিপৰ বাবে বছৰি গড় ২৩৪ কোটি টকা ব্যয় কৰিব৷ ড্রীম–১১এ তিনি বছৰলৈ বিচিচিআইৰ সৈতে চুক্তিবদ্ধ হ’লেও তেওঁলোকৰ সন্মুখত ব’র্ডে এক চর্ত ৰাখিছে৷ সেই অনুসৰি, ভিভ’ৱে পৰৱর্তী বর্ষত যদিহে আইপিএলৰ টাইটেল স্পনছৰশ্বিপ পুনৰ গ্রহণ কৰিবলৈ ইচ্ছা প্রকাশ কৰে, তেন্তে ড্রীম–১১এ চাইনিছ কোম্পানীটোৰ বাবে পথ মুকলি কৰি দিব লাগিব৷

উল্লেখ্য যে চীনৰ আগশাৰীৰ ম’বাইল নির্মাণ কোম্পানী ভিভ’ৱে ২০১৭ চনতে পাঁচ বছৰৰ বাবে আইপিএলৰ টাইটেল স্পনছৰশ্বিপৰ অধিকাৰ ক্রয় কৰিছিল৷ কিন্তু শেহতীয়াকৈ ভাৰত–চীনৰ সংঘাতৰ পৰিণতিত দেশত সৃষ্টি হোৱা চীনবিৰোধী প্রতিবাদৰ প্রতি লক্ষ্য ৰাখি কোম্পানীটোৱে এবছৰৰ বাবে আইপিএলৰ টাইটেল স্পনছৰশ্বিপ প্রত্যাহাৰৰ সিদ্ধান্ত লয়৷ কোম্পানীটোৱে বিচিচিআইৰ সৈতে সম্পর্ক সম্পূর্ণৰূপে ছেদ নকৰাত অহা বর্ষৰ আইপিএলত ভিভ’ক আইপিএলৰ টাইটেল স্পনছৰ হিচাপে পুনৰ দেখিবলৈ পোৱাৰ সম্ভাৱনা নথকা নহয়৷

ভিভ’ৱে আইপিএলৰ টাইটেল স্পনছৰশ্বিপৰ বাবে প্রতিটো ছিজনত বিচিচিআইক ৪৪০ কোটি টকা আদায় দি আহিছে৷ কিন্তু এইবাৰ ভাৰত–চীনৰ সংঘাতৰ পৰিণতিত কোম্পানীটোৱে এই বৃহৎ ধনৰাশি আদায়ৰ পৰা বিৰত থাকে৷ ফলত বিচিচিআয়ে নতুন টাইটেল স্পনছৰশ্বিপৰ সন্ধান কৰিবলগীয়া হয়৷

You might also like