ক্রিকেটাৰ ৰোহিত শর্মা, মল্লযোদ্ধা ভিনেশ ফোগাটকে ধৰি ৪ ক্রীড়াবিদলৈ খেলৰত্ন
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন ৰোহিত শর্মা আৰু তাৰকা মহিলা মল্লযোদ্ধা ভিনেশ ফোগাটকে ধৰি চাৰিগৰাকী ক্রীড়াবিদলৈ দেশৰ সর্বোচ্চ ক্রীড়া সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা আগবঢ়োৱা হৈছে৷ মহিলা পেডলাৰ মণিকা বাট্রা আৰু ৰি’ পেৰা অলিম্পিকত স্বর্ণ বিজয়ী হাইজাম্পাৰ মাৰিয়াপ্পা থাংগাভেলুও এই বঁটাৰ বাবে নির্বাচিত হৈছে৷ কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ে গঠন কৰি দিয়া ১২জনীয়া সদস্যযুক্ত নির্বাচন কমিটীয়ে দেশৰ এই চাৰিগৰাকী ক্রীড়াবিদক চলিত বর্ষৰ খেলৰত্ন বঁটাৰ বাবে বাছনি কৰে৷
উল্লেখ্য যে ২০১৬ চনতো চাৰিগৰাকী ক্রীড়াবিদক দেশৰ সর্বোচ্চ ক্রীড়া সন্মান খেলৰত্ন বঁটাৰে বিভূষিত কৰা হৈছিল৷ তেওঁলোক আছিল পি ভি সিন্ধু, দীপা কর্মকাৰ, জিতু ৰায় আৰু সাক্ষী মালিক৷ ইফালে, টীম ইণ্ডিয়াৰ তাৰকা ৰোহিত শর্মা খেলৰত্ন বঁটা লাভ কৰা দেশৰ চতুর্থগৰাকী ক্রিকেটাৰ হিচাপে চিহ্ণিত হৈছে৷ ইয়াৰ পূর্বে শচীন তেণ্ডুলকাৰ, মহেন্দ্র সিং ধোনী আৰু বিৰাট কোহলিক ভাৰত চৰকাৰে এই সন্মান আগবঢ়াইছিল৷ ১৯৯৮ চনত শচীনে, ২০০৭ত ধোনীয়ে আৰু ২০১৮ত কোহলিয়ে খেলৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷
বিগত দুটা বছৰত আন্তঃৰাষ্ট্রীয় ক্রিকেটত দাঙি ধৰা চমকপ্রদ বেটিং প্রদর্শনৰ সুবাদত ৰোহিতে সন্মানীয় খেলৰত্নৰ বাবে নির্বাচিত হয়৷ একেদৰে ২০১৮ৰ কমনৱেলথ গেমছত স্বর্ণপদক আৰু ২০১৯ৰ এছিয়ান ৰেষ্টলিং চেম্পিয়নশ্বিপত ব্রঞ্জ জয় কৰাৰ সুবাদত ভিনেশ ফোগাটে এই বঁটা লাভ কৰে৷ আনহাতে, তাৰকা পেডলাৰ মণিকা বাট্রাই ২০১৮ৰ কমনৱেলথ গেমছত স্বর্ণ আৰু এছিয়ান গেমছত ব্রঞ্জৰ পদক জয় কৰি এই বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল৷ শাৰীৰিকভাৱে সক্ষম এথলীট থাংগাভেলুৱে ২০১৬ৰ ৰি’ পেৰা অলিম্পিকত স্বর্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল৷ এই সাফল্যৰ বাবে ভাৰত চৰকাৰে তেওঁলৈ আজি সন্মানীয় খেলৰত্ন বঁটা আগবঢ়ায়৷