নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ক্রিকেটলৈ ৰাইনাৰ অৱদান অনবদ্য: ৰাহুল দ্রাবিড়

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: মহেন্দ্র সিং ধোনীৰ অৱসৰৰ কিছু সময় পিছতেই আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনোৱা বাঁওহতীয়া বেটছমেন সুৰেশ ৰাইনা অত্যন্ত প্রতিভাশালী আছিল আৰু ভাৰতীয় ক্রিকেটলৈ তেওঁৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ আছিল৷– এই মন্তব্য আগবঢ়াইছে ভাৰতীয় ক্রিকেটৰ ‘দ্য ৱাল’ খ্যাত প্রাক্তন ক্রিকেটাৰ ৰাহুল দ্রাবিড়ে৷

বিচিচিআয়ে  প্রকাশ কৰা এক টুইটত দ্রাবিড়ে কৈছে যে ৰাইনাই ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় দলৰ হৈ খেলাৰ সময়ত প্রথমে তেওঁৰ দৃষ্টি আকর্ষণ কৰিছিল৷ ২০০৪–০৫ৰ সময়ছোৱাত তেওঁ ভাৰতৰ অন্যতম প্রতিভাশালী খেলুৱৈ হিচাপে চিহ্ণিত হৈছিল৷ ৰাইনা এদিন ভাৰতীয় ক্রিকেটৰ গুৰুত্বপূর্ণ খেলুৱৈ হিচাপে চিহ্ণিত হ’ব বুলি তেতিয়াই অনুভৱ কৰা বুলি দ্রাবিড়ে উল্লেখ কৰে৷ ‘সীমিত অভাৰৰ ক্রিকেটত ৰাইনাই ভাৰতক বহুতো অবিশ্বাস্য জয় আনি দিছে৷ ভাৰতৰ বাবে তেওঁ বহুতো জটিল কাম সম্পন্ন কৰিছে৷ ভাৰতীয় ক্রিকেটলৈ তেওঁৰ অৱদান অনবদ্য৷

তেওঁ এগৰাকী বিশ্বকাপ বিজয়ী আৰু চেম্পিয়নছ ট্রফী বিজয়ী খেলুৱৈ৷’– দ্রাবিড়ে এইদৰে কয়৷ উল্লেখ্য যে ৰাহুল দ্রাবিড়ৰ নেতৃত্বতে সুৰেশ ৰাইনাই ২০০৫ৰ জুলাইত শ্রীলংকাৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্রীয় ক্রিকেটত অভিষেক ঘটোৱাৰ সুযোগ পাইছিল৷ ‘কেৰিয়াৰৰ আৰম্ভণিৰে পৰা ৰাইনাই দলৰ প্রয়োজন অনুসৰি বিভিন্ন স্থানত বেটিং কৰি দললৈ মূল্যৱান বৰঙণি আগবঢ়াইছে৷ ফিল্ডিঙতো তেওঁ অত্যন্ত নিখুঁত খেলুৱৈ আছিল৷ বিভিন্ন স্থানত দক্ষতাৰে ফিল্ডিং কৰাৰ ক্ষেত্রত তেওঁ বিশেষভাৱে পৰিচিত আছিল৷’– দ্রাবিড়ে পুনৰ এইদৰে কয়৷ মন কৰিবলগীয়া যে স্বাধীনতা দিৱসৰ সন্ধিয়া টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীৰ পদাংক অনুসৰণ কৰি ৰাইনায়ো অৱসৰ গ্রহণ কৰে৷ অৱশ্যে চেন্নাই ছুপাৰ কিংছৰ হৈ তেওঁক আগন্তুক আইপিএলত দেখিবলৈ পোৱা যাব৷

You might also like