নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ৰ বিধানসভা নির্বাচনত একো প্রাসংগিকতাই নাথাকিব তৰুণ গগৈৰ

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক লৈ ৰাজ্যৰ ৰাজনীতিত চলি থকা তুমুল চর্চাৰ মাজতে কালি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে আজমলক কোনো কাৰণতে মুখ্যমন্ত্রী হ’বলৈ দিয়া নহ’ব বুলি মন্তব্য কৰে৷ প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ এনে মন্তব্যৰ পাছতে তীব্র প্রতিক্রিয়া প্রকাশ কৰিলে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কালি জনতা ভৱনত তৰুণ গগৈক কটাক্ষ কৰি তেওঁ কয়– ২০২১ চনৰ নির্বাচনত তৰুণ গগৈৰ একো প্রাসংগিকতা নাথাকিব৷ গগৈয়ে এতিয়াও নিজকে মুখ্যমন্ত্রী বুলি ভাবি আছে৷ কেতিয়াবা তেওঁ মোক উদ্দেশ্যি পিছফালৰ পৰা মৰা বুলি কয়, কেতিয়াবা আগফালৰ পৰা মৰা বুলি কয়৷ এনে দেখুৱায় যে তেওঁ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী৷ যেন তেওঁক কোনেও একো ক’ব নোৱাৰে৷

  যদি এ আই ইউ ডি এফৰ লগত কংগ্রেছৰ মিত্রতা হয়, যিটো দলৰে বেছি বিধায়ক থাকিব, সেই দলৰে মুখ্যমন্ত্রী হ’ব৷ কোন মুখ্যমন্ত্রী হ’ব, সেয়া তেওঁ থিৰাং কৰিব নোৱাৰে৷ কিন্তু যদি জপনাখন খুলি দিয়ে, তেন্তে চোৰে কি বস্তু চুৰ কৰিব, সেয়া মালিকে সিদ্ধান্ত ল’ব নেকি? এবাৰ এ আই ইউ ডি এফৰ বাবে ৰাজীৱ ভৱনৰ দুৱাৰ খুলি দিলে আজমলে কোনটো ৰুমত বহিব, সেই সিদ্ধান্ত গগৈয়ে ল’ব নোৱাৰে৷ কাৰণ গগৈ এতিয়া ৮০ বছৰৰ ঊর্ধ্বত৷ হিন্দু ধর্ম মতে এই বয়সত নাম–কীর্তনত মনোনিৱেশ কৰিব লাগে৷ তৰুণ গগৈয়ে ৰাম–কৃষ্ণক বিচৰাৰ পৰিৱর্তে আজমলক বিচাৰিছে৷ তৰুণ গগৈৰ লগত মোৰ যুদ্ধ ২০১৬ চনতে শেষ৷ মোৰ খং আছিল গতিকে ২০১৬ চনত তেওঁক দেখুৱাই দিলোঁ৷ এতিয়া তেওঁৰ প্রতি মোৰ কোনো খং নাই৷

এতিয়া মোক গালি পাৰি থাকিলে মোৰ কোনো প্রতিক্রিয়া সৃষ্টি নহয়৷ তেওঁৰ লগত মোৰ সংঘাত ২০১৬ চনতেই শেষ হৈছে৷ তেওঁ মোক যে কৈ থাকে, পিছফালৰ পৰা মৰা বুলি, মুখ্যমন্ত্রীৰ আসনত বহি তেওঁ মোক কিমানবাৰ দাম্ভিকতাৰে ভেকাহি মাৰিছে, সেইবোৰ কি মোক আগফালৰ পৰা মৰা নহয়? কথা হ’ল যেতিয়া ৰাজনৈতিক যুদ্ধ হয়, তেওঁ কংগ্রেছ মই বিজেপি, ইয়াত আগফালৰ পৰা, পিছফালৰ পৰা মৰাৰ কি কথা আছে৷ মন্ত্রী ড০ শর্মাই কালি সাংবাদিকসকলক পুনৰ তৰুণ গগৈৰ প্রসংগ তেওঁৰ ওচৰত উত্থাপন নকৰিবলৈ অনুৰোধ জনায়

You might also like