এজাক বৰষুণতে ডুবিল মহানগৰী, এতিয়াও পানীৰ তলত ব্যস্ত ৰাজপথত
নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ এজাক মুষলধাৰ বৰষুণতে উটি গ’ল মহানগৰীৰ আভিজাত্য। নিশা প্ৰায় ৩ ঘণ্টাজোৰা বৰষুণত মহানগৰীৰ কেইবাটাও ব্যস্ত অঞ্চলত কৃত্ৰিম বান। উল্লেখযোগ্য যে মহানগৰীৰ নিশা বৰষুণত আবদ্ধ হোৱা পানী বৰ্তমানলৈকে আঁতৰা নাই। হাতীগাঁও হাইস্কুলৰ সন্মুখত এতিয়াও একাঁঠু পানী। বৰষুণৰ ১২ঘণ্টা উকলি যোৱাৰ পাছতো কিন্তু ওলাই যোৱা নাই পানী। পানীৰ মাজেৰেই যাত্ৰা অব্যাহত ৰাখিছে জনসাধাৰণে। বৈধ-অবৈধ ভাৱে নিৰ্মাণ হোৱা সুউচ্চ অট্টালিকা বোৰৰ বাবেই বন্ধ হৈ পৰিছে নলা-নৰ্দমাবোৰ যাৰ ফলত ৰাজপথতেই আৱদ্ধ হৈ পৰিছে পানী।
এয়া এদিনীয়া সমস্যা নহয়, প্ৰতিজন মহানগৰিকৰ সাধাৰণ সমস্যা হৈ পৰিছে। এই ক্ষেত্ৰত সকলো জনসাধাৰণ নিজেই সচেতন হ’ব লাগিব।